এইচ আই ভি ঔষধেৰে চিকিৎসা ভাৰতত; ক’ৰ’না ভাইৰাছ আক্ৰান্তৰ সংখ্যা ৫৯ জনলৈ বৃদ্ধি

ভাৰতত আৰু ১০ জন বৃদ্ধি পাইছে ক’ৰ’না ভাইৰাছত আক্ৰান্ত ব্যক্তিৰ সংখ্যা।
এই বৃদ্ধিৰ ফলত মঙলবাৰলৈকে ভাৰতত ক’ৰ’না ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৫৯ জনলৈ বৃদ্ধি পালে।
কেৰেলা, কৰ্ণাটক আৰু পুনেত নতুনকৈ এই মাৰাত্মক ভাইৰাছত আক্ৰান্ত লোকসকলক চিনাক্ত কৰা হৈছে।
ইফালে খবৰ আহিছে যে জয়পৰু এছ এইছ এছ চিকিৎসালয়ত দুজন ভাইৰাছ আক্ৰান্ত ৰোগীক এইচ আই ভিৰ ঔষধেৰে চিকিৎসা কৰা হৈছে।
ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্ছ-এ সন্মতি দিয়াৰ পিছত দ্য ড্ৰাগ কণ্ট্ৰলাৰ জেনেৰেল অৱ ইণ্ডিয়াই ক’ৰ’না ভাইৰাছত আক্ৰান্ত ৰোগীক এই ঔষধক পৰিমিত জৰুৰীকালীন ব্যৱহাৰৰ বাবে অনুমোদন জনাইছিল।
চিকিৎসালয়খনৰ চিকিৎসক ডাঃ ডি এছ মীনাই জনাইছে যে ক’ৰ’না ভাইৰাছত আক্ৰান্ত ইটালীৰ ৰোগী দুজন এই ঔষধেৰে চিকিৎসা কৰাৰ ফলত সুস্থ হৈ অহা দেখা গৈছে।