NORTHEAST NOW (Assamese)
Popular Stories

চয়াবিন খোৱাৰ পাঁচটা উপকাৰিতা কি কি?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 11, 2020 11:54 am
11e92ba8f533d0f8730957c43fb750147c

চয়াবিন মানুহৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী।

ইয়াৰ পাঁচটা উপকাৰিতা তলত উল্লেক কৰা হ’ল।

ওজন সন্তোলন কৰি ৰাখে

চয়াবিনে শৰীৰৰ ওজন বৃদ্ধি আৰু হ্ৰাস কৰিব পাৰে। চয়াবিনত যথেষ্ট পৰিমাণে ফাইবাৰ আৰু প্ৰ’টিন থাকে। পুষ্টিহীন তথা ক্ষীণ মানুহে অধিক পৰিমাণৰ চয়াবিন খালে শৰীৰৰ ওজন বঢ়োৱাৰ লগতে পুষ্টিও লাভ কৰে। আনহাতে শকত মানুহে নিৰূপিত পৰিমাণৰ চয়াবিন খালে শৰীৰৰ অতিৰিক্ত ওজন কমাব পাৰিব।

শৰীৰৰ শক্তি বৰ্ধন

চয়াবিনত থকা প্ৰ’টিনে শৰীৰৰ লগেত জৈৱিক কোষ আৰু পেশীবোৰৰো শক্তি বৃদ্ধি কৰে। তেজৰ কোষ বৃদ্ধি কৰে। দেহত চলি থকা জৈৱ ৰাসায়নিক প্ৰক্ৰিয়াত চয়াবিনে যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে।

কেঞ্চাৰ প্ৰতিৰোধ

বহু মানুহে বদ খাদ্যাভাসৰ বাবে কৰ্কট ৰোগত ভোগা দেখা যায়। চয়াবিনে শৰীৰৰ ভিতৰত ক্ষতি কৰিব পৰা পদাৰ্থক আঁতৰ কৰাৰ ফলত কেঞ্চাৰ ৰোগৰ কোষবোৰক প্ৰতিৰোধ কৰি ৰাখে।

শৰীৰৰ হাড় উন্নত কৰে

চয়াবিনে আমাৰ শৰীৰক কেলছিয়াম, মেগনেছিয়াম, ক’পাৰ, চেলেনিয়াম আদি প্ৰদান কৰাৰ লগতে বিভিন্ন প্ৰকাৰৰ মিনাৰেল যোগান ধৰে। এইবোৰে আমাৰ শৰীৰৰ হাড়ক অধিক মজবুত কৰি তোলে।

ডাইবেটিছ নিয়ন্ত্ৰণ

চয়াবিনে ডাইবেটিছ ৰোগকো নিয়ন্ত্ৰণ কৰে। চয়াবিনে বিভিন্ন ৰোগ বীজাণুক প্ৰতিৰোধ কৰিব পাৰে।