NORTHEAST NOW (Assamese)
Popular Stories

খিলঞ্জীয়া লোকৰ ওপৰত কৰা ‘চৰকাৰী উচ্ছেদ’ৰ বিৰুদ্ধে দিচপুৰ লাষ্টগেটত অৱস্থান ধৰ্মঘট

Posted by: কল্পজ্যোতি শইকীয়া February 15, 2018 3:21 pm
চৰকাৰী

‘জাতি-মাটি-ভেটি সুৰক্ষাৰ স্বাৰ্থ আগত ৰাখি শাসনৰ গাদী দখল কৰা সৰ্বানন্দ সোণোৱাল চৰকাৰে অসমৰ প্ৰকৃত থলুৱাক উচ্ছেদ কৰি খেদি পঠিওৱাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে।’এই অভিযোগ গুৱাহাটী মাটি পট্টাকৰণ সংগ্ৰাম সমিতিৰ সভাপতি প্ৰণৱ গোস্বামীৰ।

খিলঞ্জীয়া লোকসকলৰ ওপৰত কৰা ‘চৰকাৰী উচ্ছেদৰ’ বিৰুদ্ধে তথা মাটি পট্টাৰ কাম আৰম্ভ কৰাৰ দাবীত ভূমি অধিকাৰ সংগ্ৰাম সমিতি আৰু গুৱাহাটী মাটি পট্টাকৰণ সংগ্ৰাম সমিতিয়ে যুটীয়াভাৱে আজি দিচপুৰ লাষ্টগেটত অৱস্থান ধৰ্মঘট অনুষ্ঠিত কৰে।

অৱস্থান ধৰ্মঘটটোত ৰাজ্য চৰকাৰক সমালোচনা কৰি ভূমি অধিকাৰ সংগ্ৰাম সমিতিৰ সভাপতি প্ৰবীন জ্যোতি কলিতাই আৰু কয় যে খিলঞ্জীয়া সুৰক্ষা দিয়াৰ বিপৰীতে এই চৰকাৰখনে হিন্দু বাংলাদেশীক সংস্থাপন কৰাত হে উঠি-পৰি লাগিছে।’

খিলঞ্জীয়াক এক কঠাও ভূমি দিব নোৱাৰা চৰকাৰখনে বৃহৎ পুঁজিপতি গোষ্ঠিক মাটি দিবৰ বাবে ৰাজ্যৰ বিভিন্ন অঞ্চল চিনাক্ত কৰিছে বুলি তেওঁ মন্তব্য কৰে।

২০১৩ চনত সেইসময়ৰ মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে আই টি চি চেন্টাৰত ৮৫০০০ পৰিয়ালক সংস্থাপনৰ বাবে প্ৰত্যেককে ১ কঠা ১০ লোচাকৈ ভূমি দিয়া হ’ব বুলি ৰাজহুৱা ঘোষণা কৰিছিল যদিও তাক ফলপ্ৰসু নকৰিলে বুলি জনাই প্ৰবীন জ্যোতি কলিতাই নৰ্থ ইষ্ট নাওক কয় যে পৰবৰ্তী মিত্ৰজোঁট চৰকাৰখনেও এই কথাত কোনো গুৰুত্ব প্ৰদান নকৰিলে।

তেওঁৰ মতে “বিজেপি-অগপ মিত্ৰজোঁট চৰকাৰে প্ৰদান কৰা আশ্বাসৰ বাবেই তেওঁলোকক শাসনৰ গাদী দখল কৰাত সমৰ্থন জনাইছিলো। কিন্তু এই চৰকাৰেও যোৱা ডেৰ বছৰত পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দৰে কেৱল আশ্বাসেই প্ৰদান কৰি থকাহে দেখিবলৈ পালো।”

‘কেবিনেট সিদ্ধান্তৰ পিছটো গুৱাহাটীৰ ৮৫,০০০টা পৰিয়ালৰ এটা পৰিয়ালকো মাটি পট্টা দিয়া হোৱা নাই’ বুলি অভিযোগ কৰি তেওঁ চৰকাৰক শীঘ্ৰে উক্ত পৰিয়ালসমূহক ভূমি পট্টা প্ৰদান কৰি সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ দাবী জনায়।

অন্যথা আগন্তুক নিৰ্বাচনত বিগত কংগ্ৰেছ চৰকাৰৰ দৰে বিজেপি চৰকাৰৰো পতন হোৱাটো নিশ্চিত বুলি তেওঁ মন্তব্য কৰে।

অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীৰ পিছতে প্ৰতিবাদকাৰী সকলে মুখ্য মন্ত্ৰীক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে।