NORTHEAST NOW (Assamese)
Popular Stories

এগৰাকী প্ৰাক্তন ক্ৰিকেটাৰৰ দাবী, টি-২০ ক্ৰিকেটত দ্বিশতক অৰ্জন কৰিব পাৰিব ৰোহিত শৰ্মাই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 17, 2020 7:54 am
Rohit Sharma

ভাৰতৰ অপেনিং বেটছমেন ৰোহিত শৰ্মাই টি-২০ ক্ৰিকেটত দ্বিশতক অৰ্জন কৰিব পাৰিব বুলি অষ্ট্ৰেলিয়াৰ প্ৰাক্তন লেগ স্পীনাৰ ব্ৰেড হগে তাৎপৰ্যপূ্ৰ্ণ মন্তব্য কৰিছে।

হগে টুইটাৰযোগে কয়, ‘বৰ্তমান সময়ত ৰোহিত শৰ্মাই একমাত্ৰ ক্ৰিকেটাৰ যিয়ে এই কামটো কৰিবলৈ সক্ষম হ’ব। তেওঁৰ ষ্ট্ৰাইকৰেট ভাল, সুন্দৰ টাইমিং আৰু ফিল্ডৰ চাৰিওফালে শ্বট খেলিব পৰা ক্ষমতা আছে’।

উল্লেখ্য যে ২০০৭ চনৰ ছেপ্তেম্বৰ মাহত দক্ষিণ আফ্ৰিকাৰ ডাৰবানত টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটিছিল ৰোহিত শৰ্মাৰ।

ৰোহিতে এই পৰ্যন্ত ৯৪ খন আন্তঃৰাষ্ট্ৰীয় মেচ খেলি ৩২.৩৭ গড়ে ২৩৩১ ৰান সংগ্ৰহ কৰিছে। ১৩৭.৬৮ ষ্ট্ৰাইক ৰেটেৰে বেটিং কৰা ৰোহিতে এই পৰ্যন্ত চাৰিটা শতক আৰু ১৬টা অৰ্ধশতক অৰ্জন কৰিছে।

উল্লেখ্য যে সীমিত অভাৰৰ ক্ৰিকেটত অষ্ট্ৰেলিয়াৰ অধিনায়ক এৰন ফিন্সে দ্বিশতক অৰ্জনৰ কাষ চাপিছিল। তেওঁ ২০১৮ চনত জিম্বাৱে বিৰুদ্ধে ৭৬ টা বলত ১৭২ ৰানৰ বিস্ফোৰক ইনিংছ খেলিছিল। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এইটোৱে সৰ্বাধিক ব্যক্তিগত স্ক’ৰ।

ইফালে টি-২০ত ৰোহিতৰ সৰ্বোচ্চ স্ক’ৰ হ’ল ১১৮। এদিনীয়াত ব্যক্তিগত সৰ্বোচ্চ স্ক’ৰৰ ৰেকৰ্ড ৰোহিত শৰ্মাৰ নামতেই আছে। ২০২৪ত শ্ৰীলংকাৰ বিৰুদ্ধে ২৬৪ ৰানৰ অভূতপূৰ্ব ইনিংছ খেলিছিল। তেওঁ এদিনীয়াত তিনিটা দ্বিশতক অৰ্জন কৰা বিশ্বৰ প্ৰথম আৰু একমাত্ৰ ক্ৰিকেটাৰ।