NORTHEAST NOW (Assamese)
Popular Stories

৫ গুণ বৃদ্ধি কৰা হ’ল ৰে’লৱেৰ প্লেটফৰ্ম টিকেটৰ দাম

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 18, 2020 3:33 pm

দেশত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মাণ্ডলিক ৰে’লৱেই ট্ৰেইন ষ্টেশ্যনসমূহত মানুহৰ ভিৰ কমোৱাৰ উদ্দেশ্যৰে প্লেটফৰ্ম টিকেটৰ দাম ১০ টকাৰ পৰা ৫০ টকালৈ বৃদ্ধি কৰিছে।

পশ্চিম মাণ্ডলিক ৰে’লৱেৰ ৬টা সংমণ্ডল ক্ৰমে মুম্বাই, ভাড়োড্ৰা, আহমেদাবাদ, ৰাটলাম, ৰাজকোট আৰু ভাবনগৰত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে, এই সংমণ্ডল কেইটাই ২৫০টা ট্ৰেইন ষ্টেশ্যন সামৰি লয়।

আনহাতে দক্ষিণ মাণ্ডলিক ৰে’লৱেত কেৱল চেন্নাইতহে প্লেটফৰ্ম টিকেটৰ দাম বঢ়োৱা হৈছে।

চেণ্ট্ৰেল জ’নত মুম্বাই (চি এছ টি), ভুছৱাল, নাগপুৰ, শোলাপুৰ, পুনেত সকলো ষ্টেশ্যনৰ প্লেটফৰ্ম টিকেটৰ দান বৃদ্ধি কৰিছে। অনাগত দিনত অধিক ষ্টেশ্যনত এই ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি ৰে’লৱেৰ এক সূত্ৰত প্ৰকাশ।