NORTHEAST NOW (Assamese)
অসম

কৰ’নাভাইৰাছ: ডায়ন’ছৰৰ পোচাকত পথত স্পেইনৰ ব্যক্তি, ভাইৰেল Video

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 18, 2020 8:28 pm
Amid Coronavirus lockdown, man in Spain leaves house wearing dinosaur costume

কৰ’নাভাইৰাছে বিশ্বজুৰি আতংকৰ সৃষ্টি কৰাৰ মাজতে স্পেইনত এজন ব্যক্তিয়ে ডায়ন’ছৰৰ পোচাকেৰে নিজকে ঢাকি পথলৈ ওলোৱাৰ এক ভিডিঅ’ ভাইৰেল হৈ পৰিছে।

স্পেইনত সম্পূৰ্ণ বন্ধ ঘোষণা কৰাৰ মাজতে সুৰক্ষামূলক পোচাকৰূপে ডায়ন’ছৰৰ সাজ পিন্ধি ওলোৱা মানুহজনক অৱশ্যে স্পেইনৰ মুৰ্চিয়াৰ আৰক্ষীয়ে যাবলৈ দিয়ে।

ভিডিঅ’টো মুৰ্চিয়া আৰক্ষীয়ে টুইটাৰত শ্বেয়াৰ কৰিছে।

জুৰাছিক পাৰ্ক চিনেমাৰ থিম মিউজিক লগাই এডিট কৰা ভিডিঅ’টো কেৱল টুইটাৰতে এতিয়ালৈকে ৪.৪ মিলিয়ন লোকে দৰ্শন কৰিছে।

কৰ’নাভাইৰাছত এতিয়ালৈকে বিশ্বজুৰি দুই লাখতকৈ অধিক লোক আক্ৰান্ত হৈছে। আঠ হাজাৰতকৈয়ো অধিক লোকৰ মৃত্যু হৈছে।

চীনত ৮২,০০০, ইটালিত ২৭,৯৮০ আৰু ইৰানত ১৬,১৬৯ গৰাকী ব্যক্তি আক্ৰান্ত হৈছে।

ভাৰতত এতিয়ালৈকে ১৫১ গৰাকী লোক কৰ’নাভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে তিনিজন লোকৰ মৃত্যু হৈছে।

অসমত বৰ্তমানলৈকে কোনো লোক কৰ’নাভাইৰাছত আক্ৰান্ত হোৱাৰ খবৰ অহা নাই।