ক’ৰ’নাৰ আতংক; বিশ্বজুৰি ২৫ মিলিয়ন লোকে হেৰুৱাব চাকৰি! বিশ্ব অৰ্থনীতি হ’ব শোচনীয়

ক’ৰ’না ভাইৰাছৰ মৰাত্মাক ৰূপে সমগ্ৰ বিশ্ব অৰ্থনীতিত গুৰুতৰ ঋনাত্মক প্ৰভাৱ পেলাব। চাকৰি হেৰুৱাব প্ৰায় ২৫ মিলিয়ন লোকে।
এই তথ্য প্ৰকাশ কৰিছে আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংঘ(ILO)ই। ILOএ চলোৱা এক সমীক্ষাত এই তথ্য পোহৰলৈ আহিছে।
বিশ্ব ত্ৰাস সৃষ্টি কৰা ক’ৰ’না ভাইৰাছে বিশ্বৰ গোলকীয় অৰ্থনীতিতো বিৰূপ প্ৰভাৱ পেলাইছে। বিশ্ব অৰ্থনীতি শোচনীয় হৈ পৰিব।
ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত দেশসমূহত ইতিমধ্যে ইয়াক প্ৰতিৰোধ কৰিবলৈ সংশ্লিষ্ট ৰাষ্ট্ৰসমূহে বিভিন্ন নিৰ্দেশনা আদি জাৰি কৰিবলৈ বাধ্য হৈ পৰিছে, যাৰফলত ৰাষ্ট্ৰসমূহৰ আভ্যন্তৰীণ অৰ্থনীতিত বিৰূপ প্ৰভাৱ পৰিছে।
কিছুমান ক্ষুদ্ৰ, মধ্যম আৰু বৃহৎ উদ্যোগ প্ৰতিষ্ঠানে উৎপাদন বন্ধ কৰাৰ উপক্ৰম হৈছে। উদ্যোগসমূহৰ উৎপাদন বন্ধ হ’লে বৃহৎ ক্ষতি হোৱাই নহয় সেইসমূহৰ কৰ্মচাৰী আৰু শ্ৰমিকসকলে তাৰ কুফল ভুগিব লাগিব।
ইফালে বহু ছফ্টৱেৰ কোম্পানীয়ে তেওঁলোকৰ কাৰ্যালয় বন্ধ কৰিছে আৰু কিছুমান প্ৰতিষ্ঠানে কৰ্মচাৰীসকলক ঘৰৰ পৰা কৰ্তব্য পালন নকৰিবলৈ নিৰ্দেশ দিয়া পৰিলক্ষিত হৈছে।
ইয়াৰ দ্বাৰাও এই প্ৰতিষ্ঠানসমূহৰ বিস্তৰ ক্ষতি হৈছে আৰু তাৰ ফল ভুগিব লাগিব ইয়াৰ কৰ্মচাৰীসকলে।
আনহাতে ক্ষুদ্ৰ ব্যৱসায়, ব্যৱসায়িক প্ৰতিষ্ঠানসমূহো ক্ষতিগ্ৰস্ত হৈছে। প্ৰায়বোৰ ক্ষুদ্ৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ হোৱাৰ ফলত আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত হোৱাই নহয়, প্ৰতিষ্ঠানসমূহৰ সৈতে জড়িত পৰিয়ালসমূহে আৰ্থিক দুৰ্ভিক্ষত ভুগিব।
বিশ্বত একপ্ৰকাৰ গোলকীয় আৰ্থিক দুৰ্ভিক্ষ হোৱাৰ সম্ভাৱনাই দেখা দিছে।
মানুহে চাকৰি হেৰুৱাৰ লগতে শ্ৰমিকসকলেও কৰ্মৰ অভাৱত ভোগাৰ ফলত উপাৰ্জনহীন হ’ব আৰু মানুহৰ ক্ৰয় ক্ষমতা হ্ৰাস পাব।
ILOৰ সমীক্ষা মতে সমগ্ৰ বিশ্বতে ক’ৰ’না ভাইৰাছৰ সন্ত্ৰাসৰ বাবে বিশ্বৰ ২৫ মিলিয়ন লোকে চাকৰি হেৰুৱাই কৰ্মহীন হ’ব পাৰে!