NORTHEAST NOW (Assamese)
Popular Stories

ক’ৰ’নাৰ আতংক; প্ৰধানমন্ত্ৰীয়ে দেশবাসীৰ উদ্দেশ্যি প্ৰদান কৰিব ভাষণ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 19, 2020 2:06 pm
modi1-1200x600

ইতিমধ্যে দেশত ক’ৰ’না ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যাই ১৬৯ জনলৈ বৃদ্ধি পাইছে।

মৃত্যু ঘটিছে তিনিজন আক্ৰান্তৰ।

এনে এক সন্ধিক্ষণতে ক’ৰ’না ভাইৰাছ সম্পৰ্কত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সন্ধিয়া দেশবাসী উদ্দেশ্যি প্ৰদান কৰিব ভাষণ।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ টুইটাৰ একাউন্ট যোগে এই কথা ঘোষণা কৰা হৈছে।

টুইটোত কোৱা হৈছে যে প্ৰধানমন্ত্ৰীয়ে বৃহস্পতিবাৰে সন্ধিয়া ৮ বজাত দেশবাসীক উদ্দেশ্যি ক’ৰ’না ভাইৰাছ সম্পৰ্কত ভাষণ প্ৰদান কৰিব।

প্ৰধানমন্ত্ৰীয়ে দেশৰ বিভিন্ন সংস্থাৰ সৈতে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ কৌশল উদ্ভাৱনৰ বাবে সক্ৰিয়তাৰে গুৰুত্ব আৰোপ কৰিছে বুলি জানিবলৈ দিছে প্ৰধানমন্ত্ৰী কাৰ্যালয়ে।