NORTHEAST NOW (Assamese)
Popular Stories

নিজৰ ঘৰটোক কনড’ম আৰু কৰ’নাক দুৰাৰোগ্য যৌন সংক্ৰমিত ৰোগ বুলি ভাৱক; নিউজিলেণ্ডৰ খেলুৱৈৰ আহ্বান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 20, 2020 5:44 pm
New Zealand pacer Mitchell McClenaghan

আইপিএলৰ মুম্বাই ইণ্ডিয়ানছ তথা নিউজিলেণ্ডৰ তাৰকা ক্ৰিকেটাৰ মিচেল মেকলেহানে মহামাৰীৰ ৰূপ ধাৰণ কৰা কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ৰোধৰ বাবে সজাগত সৃষ্টিৰ বাবে টুইটাৰত কৰা এটা বিশেষ টুইটে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

‘‘নিজৰ ঘৰটোক কনড’ম আৰু কৰ’না ভাইৰাছক দুৰাৰোগ্য যৌন সংক্ৰমিত ৰোগ বুলি ভাৱক,’’ নিউজিলেণ্ডৰ তাৰকা ক্ৰিকেটাৰ গৰাকীয়ে নিজৰ টুইটাৰত এনেদৰে লিখে।

ক্ৰিকেটাৰ গৰাকীৰ টুইটাৰৰ উত্তৰ দি এগৰাকী অনুৰাগীয়ে এনেদৰে লিখে, ‘‘আপোনাৰ ঘৰক হেলমেট আৰু কোভিদ-১৯-ক হেলমেটলৈ তীব্ৰবেগী দলিওৱা ফুলটছ বল বুলি ভাৱক।’’

উল্লেখযোগ্য যে, সমগ্ৰ বিশ্বত মহামাৰীৰ ৰূপ ধাৰণ কৰা কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত জন সজাগতা সৃষ্টি কৰাৰ প্ৰয়াসেৰে খেলুৱৈ সকলে ছ’চিয়েল মিডিয়াৰ জৰিয়তে প্ৰচেষ্টা অব্যাহত ৰাখিছে।

প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ শচীন টেণ্ডুলকাৰকে ধৰি দৌৰবিদ হিমা দাস, মেৰীকম আদিৰ দৰে খেলুৱৈ সকলেও হাত ধোৱাৰ প্ৰতি জনসাধাৰণক সজাগ কৰাৰ বাবে ছ’চিয়েল মিডিয়াত ভিডিঅ’ আপলোড কৰি সকলোকে সজাগ হৈ থকাৰ বাবে আহ্বান জনাইছে।