NORTHEAST NOW (Assamese)
অসম

ঢেকীয়াখোৱা নামঘৰৰ অক্ষয় বন্তি নুমাই বুলি যোৱা উৰা বাতৰি বিয়পোৱা যুৱকক গ্ৰেপ্তাৰ

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক March 21, 2020 2:43 pm

যোৰহাট জিলাৰ টীয়কৰ লাহদৈগড়স্থিত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰৰ অক্ষয় বন্তিগছি নুমাই যোৱা বুলি কালি উৰা বাতৰি উলিওৱা এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে টীয়কৰ আৰক্ষীয়ে।

টীয়কৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা যুৱকজন শিৱসাগৰ ভাটি বনগাঁৱৰ প্ৰহ্লাদ দাস বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে কালি অৰ্থাৎ শুকুৰবাৰে সন্ধিয়া যুৱকজনে ঢেকীয়াখোৱা নামঘৰৰ বন্তিগছি নুমাই বুলি উল্লেখ কৰি সকলোকে বন্তি জ্বলাবলৈ আহ্বান জনাই এটা ফেচবুক প’ষ্ট দিছিল। উক্ত প’ষ্টটোক কেন্দ্ৰ কৰি সমগ্ৰ অসমবাসীৰ মাজত  বিভ্ৰান্তিৰ সৃষ্টি হৈছিল।

পৰবৰ্তী সময়ত ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতি আৰু চুতীয়া ছাত্ৰ সন্থাৰ এজাহাৰৰ ভিত্তিত নিশা টীয়ক আৰক্ষীয়ে শিৱসাগৰ আৰক্ষীৰ সহযোগত যুৱকজনক গ্ৰেপ্তাৰ কৰে।

সাংবাদিকৰ আগত যুৱকজনে নিজৰ অপৰাধ স্বীকাৰ কৰি কান্দোনত ভাগি পৰে আৰু ৰাইজে যি শাস্তি প্ৰদান কৰে সেয়া মূৰ পাতি ল’বলৈ সাজু আছে বুলি কয়।