NORTHEAST NOW (Assamese)
অসম

‘জনতা কাৰ্ফিউ’ উলংঘন কৰি এগৰাকী ৱাৰ্ড সদস্যাই স্থাপন কৰিলে আধাৰশিলা

Posted by: পুলেন্দ্ৰ দাস Updated by: পুলেন্দ্ৰ দাস March 22, 2020 4:53 pm
6dd1627e-2c67-454c-9562-5b0d72865228

ক’ৰ’না ভাইৰাছ প্ৰতিহত কৰাৰ ক্ষেত্ৰত দেশৰ প্ৰধান মন্ত্ৰী মোদীয়ে আজি আহ্বান জনোৱা ‘জনতা সান্ধ্য আইন’ৰ দিনাই বৰপেটা জিলাৰ পশ্চিম বেতবাৰী গাঁও পঞ্চায়তৰ অধীনত এটা আধাৰশিলা স্থাপন কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

‘জনতা সান্ধ্য আইন’ক অংগুষ্ঠ প্ৰদৰ্শন কৰি পশ্চিম বেতবাৰী গাঁও পঞ্চায়তৰ অধীনত আজি স্থাপন কৰা আধাৰশিলা কাৰ্যসূচীক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

৯৫১ নং ভুলুকাবাৰী পাথাৰ প্ৰাথমিক বিদ্যালয়ৰ পকীবেৰত চতুৰ্দশ বিত্তীয় অনুদানৰ ধনেৰে কাম কৰাৰ এই আধাৰশিলাখন আজি স্থাপন কৰা হয়।

আজিৰ এই আধাৰশিলা স্থাপন কাৰ্যসূচীৰ সময়ত পঞ্চায়তখনৰ ৱাৰ্ড সদস্যা ফুলোৱাৰা বেগম উপস্থিত থকা বুলি জানিব পৰা গৈছে।

৩ লাখ ৮০ হাজাৰ টকাৰ কামৰ আধাৰশিলাখন আজিৰ দিনটোত স্থাপনৰ আঁৰত নিশ্চয় কিবা ৰহস্য লুকাই থকা বুলি আশংকা ব্যক্ত কৰিছে স্থানীয় একাংশ সচেতন ৰাইজে।