NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত আয়োজিত আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱৰ শুকুৰবাৰে সামৰণি পৰিব

Posted by: এন ই নাও নিউজ February 16, 2018 8:53 am
শিৱ

বিশ্বৰ অন্যতম আকৰ্ষণীয় কেন্দ্ৰবিন্দু হ’ল শিৱসাগৰৰ শিৱদৌল। শিৱসাগৰ জিলা প্ৰশাসন আৰু শিৱসাগৰ দৌল উন্নয়ন সমিতিৰ যৌথ উদ্যোগত এইবাৰ চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে শিৱসাগৰ ব’ৰ্ডিং খেলপথাৰত অনুষ্ঠিত কৰা এই আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱৰ আজি সামৰণি পৰিব।

প্ৰথমবাৰৰ বাবে শিৱসাগৰত আয়োজিত সাংসদ কামাখ্যা প্ৰসাদ তাচাই উদ্বোধন কৰা আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱত ৰাজ্যখনৰ মুখ্য মন্ত্ৰী গৰাকী উপস্থিত হৈ শিৱসাগৰবাসীক আনন্দিত কৰি তুলিছিল। ইয়াৰোপৰি মহোৎসৱটিত ফ্ৰান্স, ৰোমানিয়া, অষ্ট্ৰেলিয়া, জাপান, ইটালী আদি দেশৰ পৰা অহা শিল্পী অংশ গ্ৰহণেৰে অনুষ্ঠানটোৰ মৰ্যাদা বৃদ্ধি কৰিছিল।

আনহাতে ভাৰতৰ লগতে অষ্ট্ৰেলিয়া, ৰোমানিয়া, ইটালী আৰু ফ্ৰান্সৰ পৰা অহা মুঠ ৭জন চিত্ৰশিল্পীয়ে অংশগ্ৰহণ কৰি ৰং-তুলিকাৰে নিজৰ ভাব-কল্পনাক ফুটাই তোলাৰ চেষ্টা কৰিছিল। সমাগম হোৱা লোকসকলৰ বিশেষভাৱে দৃষ্টি আকৰ্ষণ কৰিছিল অষ্ট্ৰেলিয়াৰ চিত্ৰশিল্পী পিটাৰিছ চিমিটিছৰ (Peteris Ciemitis) শিল্পকৰ্মই।

ঐতিহাসিক শিৱসাগৰৰ শিৱ মহোৎসৱত ভৰি পৰিছিল দেশী-বিদেশী ভক্তৰে। শিৱৰাত্ৰিক কেন্দ্ৰ কৰি গঢ়ি উঠিল এক আধ্যাত্মিক অনুভূতি।

মন কৰিব লগীয়া যে ঐতিহাসিক শিৱসাগৰৰ পৰ্যটকৰ আন্তঃগাঁথনিৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৩৯ কোটি টকাৰ এক অভিলাষী আচঁনি গ্ৰহণ কৰে৷

শুকুৰবাৰে মহোৎসৱটিৰ অন্তিম দিনা ভাওনা প্ৰদৰ্শিত হ’ব বুলি জানিব পৰা গৈছে। ইয়াৰ পিছতে আজি মহোৎসৱটিৰ সামৰণি পৰিব।