NORTHEAST NOW (Assamese)
Popular Stories

ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ৰিতুমণি হাজৰিকালৈ নিয়াৰ চমন

Posted by: পার্শ্বজোতি গগৈ Updated by: পার্শ্বজোতি গগৈ March 23, 2020 7:02 am

এজনৰ পিছত এজনকৈ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতালৈ নিয়াৰ চমন। দেওবাৰে প্ৰধান মন্ত্ৰীয়ে আহ্বান জনোৱা জনতা কাৰ্ফিউৰ মাজতেই নিয়াই চমন জাৰি কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ৰিতুমণি হাজৰিকালৈ।

আজি  অৰ্থাৎ ২৩ মাৰ্চত ‘কা’ বিৰোধী আন্দোলনত সক্ৰিয় ভুমিকা লোৱা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ এইগৰাকী নেতাক নিয়াৰ সোণাপুৰস্থিত কাৰ্যালয়ত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে।

ৰিতুমণিক ভাৰতীয় দণ্ডবিধিৰ RC-13/2019/NIA-GUW/n/s 120B/124A/153A/153B আৰু বেআইনী কাৰ্য্যকলাপ প্ৰতিৰোধী আইন UA(P)Aৰ 18/39 ধাৰাৰ এক গোচৰৰ সংক্ৰান্তত সোধা-পোছাৰ চমন জাৰি কৰিছে নিয়াই।

ইফালে ক’ৰ’না ভাইৰাছক কেন্দ্ৰ চৰকাৰ-প্ৰশাসনে সকলো পৰিবহণ ব্যৱস্থা বন্ধ কৰি দিয়াত কিদৰে নিয়াৰ কাৰ্যালয়ত উপস্থিত হ’ব বুলি প্ৰশ্ন কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা গৰাকীয়ে। সেয়ে তেওঁ ২৩ মাৰ্চৰ পৰিৱৰ্তে অন্য তাৰিখত হাজিৰ হোৱাৰ দিন ধাৰ্য্য কৰিবলৈ নিয়াক আহ্বান জনাইছে।

উল্লেখযোগ্য যে ২০ মাৰ্চত নিয়াই ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ আন দুজন নেতা পৰাশৰ কোঁৱৰ আৰু যুগল গগৈক চমন জাৰি কৰিছিল। পৰাশৰ কোঁৱৰক ২৩ মাৰ্চত আৰু যুগল গগৈক ২৫ মাৰ্চত নিয়াৰ সোণাপুৰৰ কাৰ্যালয়ত উপস্থিত হ’বলৈ কোৱা হৈছিল।