NORTHEAST NOW (Assamese)
অসম

ক’ৰ’নাৰ সংক্ৰমণৰ আশংকা; ভাৰতৰ সৈতে সম্পূৰ্ণৰূপে সীমান্ত চীল কৰিলে নেপাল আৰু ভূটানে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 23, 2020 9:00 pm

ভাৰতত কৰ’না ভাইৰাছে ক্ৰমাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়ত ভাৰতৰ চুবুৰীয়া দেশ নেপাল আৰু ভূটানে সোমবাৰে ভাৰতৰ সৈতে থকা সীমান্ত চীল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

কোভিদ-১৯ৰ সংক্ৰমণ ৰোধ কৰাৰ বাবেই এনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জানিব পৰা গৈছে।

ভূটানৰ ৰজা জিগমে খেচাৰ নামগেয়াল ৱাংচুকে ভূটানে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত যথেষ্ট সতৰ্কতা গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি সীমান্ত চীল কৰাৰ সিদ্ধান্ত লোৱা হৈছে কয়।

‘‘আপোনালোকে চৰকাৰী বাতৰিৰ দ্বাৰা ভাইৰাছ বিধৰ বিষয়ে জানিব পাৰিছে। ই সমগ্ৰ বিশ্বতে ভয়ংকৰ পৰিবেশৰ সৃষ্টি কৰাৰ লগতে দ্ৰুত গতিত সংক্ৰমিত হৈছে আৰু ক্ৰমাৎ আমাৰ ওচৰলৈও সংক্ৰমিত হৈ আহিছে,’’ ভূটানৰ ৰজাই লগতে কয়।

‘‘সোমবাৰে সন্ধিয়া ৬ বজাৰ পৰা সীমান্ত চীল কৰি দিয়া হ’ব। প্ৰয়োজনীয় সামগ্ৰী যেনে-খোৱাবস্ত, ঔষধ আদিৰ বাদে সকলো কোনোধৰণৰ সামগ্ৰীৰ সৰবৰাহ সীমান্তত বন্ধ কৰি দিয়া হৈছে,’’ ভূটানৰ প্ৰধান মন্ত্ৰী ল’তাই চেৰিঙে কয়।

আনহাতে, নেপালেও সোমবাৰে ৰাতিপুৱা ১০ বজাৰ পৰা ভাৰতৰ সৈতে সীমান্ত সম্পূৰ্ণ ৰূপে বন্ধ কৰি দিছে।

দেওবাৰে অনুষ্ঠিত হোৱা নেপাল কেবিনেটৰ বৈঠকৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

ইয়াৰ পূৰ্বে, ভাৰত আৰু নেপালে চাৰিটা সীমান্ত চেক পইণ্ট কাৰ্য্যকৰী ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।