NORTHEAST NOW (Assamese)
অসম

অসমত লকডাউন আৰম্ভ; আত্যৱশ্যকীয় সামগ্ৰী পৰ্যাপ্ত পৰিমাণে উপলব্ধকৰণ সন্দৰ্ভত মুখ্য মন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 24, 2020 8:13 pm
Sonowal

কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে অসমত আজি সন্ধিয়া ৬ বজাৰ পৰা ৩১ মাৰ্চলৈ লকডাউন আৰম্ভ হৈছে।

লকডাউনৰ সময়ছোৱাত আত্যাৱশ্যকীয় সামাগ্ৰী পৰ্য্যাপ্ত পৰিমাণে উপলব্ধকৰণ সন্দৰ্ভত ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যাক্ষতাত আজি এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

বৈঠকত সোণোৱালে লকডাউনৰ সময়ছোৱাত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী জনসাধাৰণৰ বাবে নিশ্চিতকৰণৰ দিশত প্ৰয়োজনীয় সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ যোগান বিভাগক নিৰ্দেশ দিয়ে।

এই দিশত যোগান বিভাগ আৰু আৰু পৰিবহন বিভাগক সংঘবদ্ধভাৱে কাম কৰাৰ বাবেও সোণোৱালে নিৰ্দেশ দিয়ে যাতে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী জনসাধাৰণৰ বাবে পৰ্যাপ্ত পৰিমাণে উপলব্ধ থাকে।

মুখ্য মন্ত্ৰীয়ে লগতে সকলোবোৰ জিলাতে যাতে সামগ্ৰী যোগান আৰু বিতৰণ ব্যৱস্থা অক্ষুণ্ণ থাকে তাৰ নিশ্চিতকৰণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।

আনহাতে, ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰি যাতে কোনো অসাধু ব্যৱসায়ীয়ে অত্যৱশ্যকীয় সামগ্ৰীৰ কৃত্ৰিম নাটনিৰ সৃষ্টি কৰিব নোৱাৰে সেই দিশত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবেও সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে।

তদুপৰি, মুখ্য মন্ত্ৰীয়ে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অতিৰিক্ত মুখ্য সচিৱক ৰে’লৱেৰ সৈতে শীঘ্ৰে এক বৈঠকত মিলিত হ’বলৈ নিৰ্দেশ দিয়ে যাতে অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰিবহন ব্যৱস্থাটো সুচলতৰ হৈ থাকি কোনো ধৰণৰ নাটনিৰ সৃষ্টি নহয়।

আজিৰ বৈঠকত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ফণী ভূষণ চৌধুৰী, পৰিবহন বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, মুখ্য মন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী, মুখ্য সচিব কুমাৰ সঞ্জয়কৃষ্ণ, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত আদি উপস্থিত থাকে।