NORTHEAST NOW (Assamese)
অসম

দেশজুৰি ২১ দিনৰ লকডাউন ঘোষণা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ||Video

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 24, 2020 8:29 pm
PM Modi to lay foundation stone of Ram Temple in Ayodhya on August 5 PM

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ’নাভাইৰাছ প্ৰতিহত কৰাৰ বাবে সমগ্ৰ দেশত ২১ দিনৰ লকডাউন ঘোষণা কৰিছে।

প্ৰধান মন্ত্ৰীগৰাকীয়ে মঙলবাৰে সন্ধিয়া ৮ বজাত কৰ’নাভাইৰাছ সন্দৰ্ভত দেশবাসীক কৰা দ্বিতীয়টো সম্বোধনত এই ঘোষণা কৰিছে।

প্ৰধান মন্ত্ৰীয়ে দেশৰ প্ৰত্যেকজন লোককে মহামাৰীবিধক গুৰুত্বসহকাৰে লৈ ঘৰতে থাকিবলৈ আহ্বান জনাইছে।

ইতিমধ্যে দেশৰ অধিকাংশ জিলাতে লকডাউন ঘোষণা কৰা হৈছিল। কিন্তু প্ৰধান মন্ত্ৰীগৰাকীৰ ঘোষণাৰ পিছত সমগ্ৰ দেশতে এই লকডাউন বলৱৎ হ’ব।

২৪ মাৰ্চৰ ৰাতি ১২ বজাৰ পৰা এই লকডাউন বলৱৎ হ’ব।

ভাৰতত কৰ’নাভাইৰাছ আক্ৰান্তৰ সংখ্যাই মঙলবাৰে পাঁচশৰ সীমা অতিক্ৰম কৰিছে।

ৰাতিলৈকে এই সংখ্যা আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

দেশত ৫১৯ গৰাকী কৰ’নাভাইৰাছ আক্ৰান্ত ৰোগী চিনাক্ত হৈছে। নজন লোক মৃত্যুমুখত পৰিছে।

দেশৰ ভিতৰত আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছে মহাৰাষ্ট্ৰ। মঙলবাৰে ৰাজ্যখনত কৰ’নাভাইৰাছত আক্ৰান্তৰ সংখ্যাই ১০৬ চুইছেগৈ।