NORTHEAST NOW (Assamese)
অসম

কৰ’নাভাইৰাছৰ মোকাবিলাৰ বাবে ১৫০০০ কোটি টকা আবণ্টন কেন্দ্ৰৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 24, 2020 9:24 pm
modi1-1200x600

কৰ’নাভাইৰাছৰ মহামাৰী মোকাবিলা কৰাৰ বাবে কেন্দ্ৰই ১৫০০০ কোটি টকা আবণ্টন কৰিছে।

কৰ’নাভাইৰাছ টেষ্টিং ব্যৱস্থা, সুৰক্ষাদায়ী পোচাক, আই চি ইউ, ভেণ্টিলেটৰ আৰু চিকিৎসা কৰ্মীসকলৰ প্ৰশিক্ষণৰ বাবে এই ধন খৰচ কৰা হ’ব।

প্ৰধান মন্ত্ৰীগৰাকীয়ে ইতিমধ্যে কৰ’নাভাইৰাছ প্ৰতিহত কৰাৰ বাবে সমগ্ৰ দেশত ২১ দিনৰ লকডাউন ঘোষণা কৰিছে।

প্ৰধান মন্ত্ৰীগৰাকীয়ে সন্ধিয়া ৮ বজাত কৰ’নাভাইৰাছ সন্দৰ্ভত দেশবাসীক কৰা দ্বিতীয়টো সম্বোধনত এই ঘোষণা কৰিছে।

প্ৰধান মন্ত্ৰীয়ে দেশৰ প্ৰত্যেকজন লোককে মহামাৰীবিধক গুৰুত্বসহকাৰে লৈ ঘৰতে থাকিবলৈ আহ্বান জনাইছে।

ইতিমধ্যে দেশৰ অধিকাংশ জিলাতে লকডাউন ঘোষণা কৰা হৈছিল। কিন্তু প্ৰধান মন্ত্ৰীগৰাকীৰ ঘোষণাৰ পিছত সমগ্ৰ দেশতে এই লকডাউন বলৱৎ হ’ব।

ভাৰতত কৰ’নাভাইৰাছ আক্ৰান্তৰ সংখ্যাই মঙলবাৰে পাঁচশৰ সীমা অতিক্ৰম কৰিছে।

ৰাতিলৈকে এই সংখ্যা আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

দেশত ৫১৯ গৰাকী কৰ’নাভাইৰাছ আক্ৰান্ত ৰোগী চিনাক্ত হৈছে। নজন লোক মৃত্যুমুখত পৰিছে।

দেশৰ ভিতৰত আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছে মহাৰাষ্ট্ৰ। মঙলবাৰে ৰাজ্যখনত কৰ’নাভাইৰাছত আক্ৰান্তৰ সংখ্যাই ১০৬ চুইছেগৈ।