NORTHEAST NOW (Assamese)
অসম

কৰ’নাভাইৰাছ: একগোট শাসক-বিৰোধী, অসমৰ সকলো বিধায়কে দিব এমাহৰ দৰমহা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 25, 2020 8:18 pm
Coronavirus: Number of confirmed cases crosses 150 in India; Maharashtra worst hit

মহামাৰী কৰ’নাভাইৰাছৰ বিৰুদ্ধে যুঁজাত চৰকাৰক সহায় কৰাৰ বাবে অসমৰ সকলো বিধায়কে এমাহৰ দৰমহা আগবঢ়াব।

অসম বিধান সভাৰ সদস্যসকলে মঙলবাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে।

কৰ’নাভাইৰাছৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ প্ৰস্তুতি সম্পৰ্কে হোৱা আলোচনাত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কংগ্ৰেছৰ বিধায়কসকলে এমাহৰ দৰমহা আগবঢ়াব বুলি ঘোষণা কৰে।

বিজেপি, অগপ, বি পি এফ আৰু এ আই ইউ ডি এফৰ বিধায়কসকলেও এমাহৰ দৰমহা চৰকাৰী পুঁজিলৈ আগবঢ়োৱাৰ কথা ঘোষণা কৰে।

বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে বিধায়কসকলক তেওঁলোকৰ বৰঙনিৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

গোস্বামীয়ে কয় এয়া আমি একেলগে যুঁজাৰ বাবে এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছো।

দেশত কৰ’নাভাইৰাছত আক্ৰান্তৰ সংখ্যা ৫৬২ গৰাকীলৈ বৃদ্ধি পাইছে।

উত্তৰ-পূবৰ মণিপুৰ আৰু মিজোৰামত এগৰাকীকৈ কৰ’নাভাইৰাছ আক্ৰান্ত চিনাক্ত হৈছে। অসমত এতিয়ালৈকে কোনো আক্ৰান্ত হোৱাৰ খবৰ অহা নাই।

দেশত ৪০ গৰাকী কৰ’নাভাইৰাছ আক্ৰান্তক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে। ১০ গৰাকী লোকে এই ৰোগত প্ৰাণ হেৰুৱাইছে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ’নাভাইৰাছ প্ৰতিহত কৰাৰ বাবে সমগ্ৰ দেশত ২১ দিনৰ লকডাউন ঘোষণা কৰিছে।

প্ৰধান মন্ত্ৰীয়ে দেশৰ প্ৰত্যেকজন লোককে মহামাৰীবিধক গুৰুত্বসহকাৰে লৈ ঘৰতে থাকিবলৈ আহ্বান জনাইছে।