NORTHEAST NOW (Assamese)
Popular Stories

ল’কডাউনৰ মাজতে সম্পন্ন হ’ল বিবাহ; চ’ছিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ বিবাহখনৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 26, 2020 12:05 pm
online-nikah-759.jpg2

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ৰোধৰ বাবে দেশত ২১ দিনৰ ল’কডাউন কৰাৰ ফলত দেশৰ জনতাৰ স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈ পৰিছে।

সাধাৰণ মানুহ ঘৰৰ বাহিৰলৈ ওলালেই আৰক্ষী তথা নিৰাপত্তাৰক্ষীয়ে লাঠি চালনা কৰি ঘৰলৈ ওভতাই পঠাইছে।

এনে এক পৰিস্থিতৰ মাজতো এখন বিবাহসম্পন্ন হৈ যায় যোৱা ২৩ মাৰ্চত।

উত্তৰ প্ৰদেশৰ দৰা আৰু বিহাৰৰ কইনাৰ মাজত সম্পন্ন হোৱা বিবাহখন লৈ যথেষ্ট চৰ্চা হোৱা গৈছে চ’ছিয়েল মিডিয়াত।

উত্তৰ প্ৰদেশৰ দৰা দানিশ ৰাজা আৰু বিহাৰৰ কইনা চাদিয়া নাছৰিণৰ মাজত যোৱা ২৩ মাৰ্চত ভিডিঅ’ কনফাৰেন্সৰ যোগে সম্পন্ন হৈ যায় বিবাহ।

উক্ত ভিডিঅ’ কনফাৰেন্সৰ যোগে সম্পন্ন হোৱা বিবাহখনৰ ভিডিঅ’টো সংবাদ প্ৰতিষ্ঠান এ এন আইএ প্ৰচাৰ কৰাৰ লগে লগে যথেষ্ট চৰ্চা চলিছে উক্ত বিবাহখনৰ।

আনকি ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ লগে লগে চ’ছিয়েল মিডিয়াতো ব্যাপক চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে।

উল্লেখ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২১ দিনীয়া ল’কডাউন ঘোষণা কৰাৰ পিছত ক’ৰ’না সংক্ৰণৰ ৰোধৰ বাবে যথেষ্ট কঠোৰ হৈছে প্ৰশাসন।

ল’কডাউনৰ নিয়ম ভংগকাৰীক ১০০০ টকা জৰিমনা ভৰোৱাৰ লগতে ৬ মাহ কাৰাদণ্ড বিহা হ’ব বুলিও ঘোষণা কৰা হৈছে।