NORTHEAST NOW (Assamese)
Popular Stories

‘শ্ৰমিকসকল দেশৰ ৰাজহাড়, অনুগ্ৰহ কৰি তেওঁলোকক সহায় কৰক’, প্ৰিয়ংকা গান্ধী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 28, 2020 5:04 pm
Priyanka_Gandhi_PTI

কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ এটা টুইটে সমগ্ৰ দেশতে ব্যাপক চৰ্চা হোৱা হোৱা দেখা গৈছে। উত্তৰ প্ৰদেশ কংগ্ৰেছে হিন্দী ভাষাত লিখা উক্ত টুইটো ভাইৰেল কৰিছে।

ক’ৰ’না ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশত ২১ দিনীয়া ল’কডাউন চলি থকাৰ মাজতে দিল্লীত কৰ্মৰত উত্তৰ প্ৰদেশ আৰু বিহাৰৰ অসংখ্য শ্ৰমিকে দিল্লীৰ আৰু উত্তৰ প্ৰদেশৰ সীমান্ত পাৰ হৈ খোজেৰে ঘৰলৈ পত্যাগম কৰাৰ পৰিলক্ষিত হৈছে।

ক’ৰ’না ভাইৰাছ সংক্ৰমণক প্ৰতিৰোধ কৰাৰ বাবে সামাজিক দূৰত্ব বৰ্তাই ৰখাটো অতি প্ৰয়োজন যদিও দুয়োখন ৰাজ্যৰ সীমান্তত শ্ৰমিকসকলৰ গণ প্ৰব্ৰজনত যথেষ্ট ঠেলা হেঁচা হোৱা দেখা গৈছে। যাৰ ফলত সামূহিক ক’ৰ’না সংক্ৰমণৰ আংশকা কৰা হৈছে।

তেনে এক পৰিপ্ৰেক্ষিততে শনিবাৰে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে শ্ৰমিকসকলক দেশৰ ৰাজহাড় বুলি অভিহিত কৰি এই গৃহাভিমূখী শ্ৰমিকসকলৰ গণ প্ৰব্ৰজনত সহায় কৰিবলৈ চৰকাৰলৈ আহ্বান জনাইছে।

‘দৰিদ্ৰ নিঃসহায় ভাৰতীয়সকলক তেনে কৰিবলৈ নিদিব। তেওঁলোকক এনে এটা পৰিস্থিতিত পেলাই আমি লজ্জিত হোৱা উচিত। তেওঁলোক আমাৰ। শ্ৰমিকসকল দেশৰ ৰাজহাড় হয়। অনুগ্ৰহ কৰি তেওঁলোকক সহায় কৰক।’ হিন্দী ভাষাত কৰা টুইটত কংগ্ৰেছ নেত্ৰীগৰাকীয়ে এইদৰে কয়।

ইফালে কংগ্ৰেছ নেতা ৰণদ্বীপ সিং সুৰ্জেৱালাই দিল্লী, উত্তৰ প্ৰদেশ আৰু বিহাৰৰ মুখ্যমন্ত্ৰীসকলক এই শ্ৰমিকসকলৰ বাবে কিয় বাছ প্ৰদান কৰিব নোৱাৰিলে বুলিও প্ৰশ্ন উত্থাপন কৰিছে।