NORTHEAST NOW (Assamese)
Popular Stories

আশাৰ ৰেঙনি, কিছুদিনৰ পিছতে কমিব ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ! গৱেষকৰ দাবী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 28, 2020 6:21 pm
48 persons test COVID-19 positive in Tripura on Friday

ইতিমধ্যে দেশত ৮৭৩ জন লোক মাৰাত্মক ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ বিপৰীতে ১৯ জন আক্ৰান্তৰ মত্যু ঘটিছে।

ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে দেশত জাৰি কৰা হৈছে ২১ দিনীয়া ল’কডাউন।

তেনে এক পৰিৱেশৰ মাজতে এক আশাৰ ৰেঙনি আনিছে কিছুসংখ্যক চিকিৎসক-গৱেষকে।

ক’ৰ’না আক্ৰান্তৰ শৰীৰত বিভিন্ন ঔষধ তথা প্ৰতিষেধক ব্যৱহাৰ কৰিও অদ্যপৰিমিত সফল হোৱা নাই চিকিৎসা বিজ্ঞানী তথা গৱেষকসকল। বৰ্তমানলৈকে আৱিস্কাৰ হোৱা নাই মাৰাত্মক ক’ৰ’না ভাইৰাছৰ প্ৰতিষেধক।

অৱেশ্যে প্ৰতিষেধক তথা ঔষধ আৱিস্কাৰৰ বাবে যথেষ্ট পৰিশ্ৰম কৰা দেখা গৈছে বিশ্বৰ বিভিন্ন চিকৎসাবিজ্ঞানীসকল।

তেনে সময়তে মাচাচুচেট্ছ ইন্সটিটিউট অফ টেকন’লজিৰ গৱেষকসকলে কিছু আশাৰ বতৰা আনিছে। তেওঁলোকৰ গৱেষণাত প্ৰকাশ পাইছে যে ক’ৰ’না সংক্ৰমণৰ মূলত দুটি মানদণ্ড পোৱা গৈছে, তাপামাত্ৰা আৰু আৰ্দ্ৰতা। গৱেষণাৰ মতে বিশ্বৰ ৯০ শতাংশ সংক্ৰমিত ব্যক্তিৰ দেশৰ তাপমাত্ৰাৰ হৈছে ৩ ডিগ্ৰীৰ পৰা ১৭ ডিগ্ৰী।

গৱেষক ইউচুফ জামিলে জানিবলৈ দিয়া মতে নিম্ন তাপমাত্ৰা আৰু আৰ্দ্ৰতা সৈতেহে এই ভাইৰাছৰ সংযোগ অধিক ঘনিষ্ঠৰূপত দেখা গৈছে। তেওঁৰ বৰ্ধিত তাপমানৰ সৈতে ভাইৰাছ বিধৰ কোনো সংযোগ নাই।

গৱেষণাৰ মতে যিসমূহ ঠাইত আৰ্দ্ৰতা বৃদ্ধি পাব সেইবোৰ ঠাইতহে ভাইৰাছবিধ সংক্ৰমণৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। উষ্ণতা বৃদ্ধি পোৱা ঠাই যেনে আমেৰিকাৰ ফ্ল’ৰিডাৰ তথা গ্ৰীষ্ম প্ৰধান দেশ ভাৰত, ব্ৰাজিল, মালয়েছিয়া আদিতো ভাইৰাছবিধ সংক্ৰমণ হ’লেও উষ্ণতা বৃদ্ধি পোৱাৰ ফলত ভাইৰাছবিধৰ সংক্ৰমণৰ মাত্ৰা কমি আহিব বুলি ধাৰণা কৰিছে গৱেষকসকলে।

উল্লেখ্য যে ভাৰতত এপ্ৰিলৰ শেষ তথা মে’ মাহৰ পৰা তাপমান বৃদ্ধি পায়।