NORTHEAST NOW (Assamese)
Popular Stories

ল’কডাউন; বাৰানসীত ঘাঁহ খাই ভোক নিবাৰণ গঞাৰ! সাংবাদিকলৈ প্ৰশাসনৰ জাননী জাৰি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 29, 2020 3:41 pm
IMG-20200328-WA0004-696x392

বাৰানসী জিলা দণ্ডাধীশ কুশল ৰাজ শৰ্মাই শ্ব’কজ জাননী জাৰি কৰিছে এগৰাকী সাংবাদিক আৰু মুখ্য সম্পাদকলৈ।

সাংবাদিকজনে এগৰাকী সতীৰ্থৰ সৈতে এখন স্থানীয় সংবাদ পত্ৰত জিলাখনৰ মুছাহাৰ সম্প্ৰদায়ৰ জনগোষ্ঠীয়ে ঘাঁহ খাই ভোক নিবাৰণ কৰা বুলি বাতৰি পৰিৱেশন কৰিছিল।

যোৱা ২৬ মাৰ্চত স্থানীয় দৈনিক জনাদেশ টাইমছ কাকতত বিজয় বিনীত আৰু মানীষ মিশ্ৰৰ এখন প্ৰতিবেদন প্ৰকাশ পাইছিল।

ল’কডাউন ঘোষণা কৰাৰ পিছত  প্ৰতিবেদনখনত চ’ছিয়েল মিডিয়াৰ পৰা সংগৃহীত কিছুমান শিশুৱে ঘাঁহ খাই থকা এখন ফ’টো সংলগ্ন কৰি কোৱা হৈছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সমষ্টি বাৰানসী জিলাৰ কৈৰীপুৰ গাঁৱৰ বাসিন্দাই ঘাঁহ খাই ভোক নিবাৰণ কৰিছে।

উক্ত প্ৰতিবেদনখন প্ৰকাশ পোৱাৰ লগে লগে উত্তৰ প্ৰদেশৰ লগতে সমগ্ৰ দেশতে বিষয়টোৱে যথেষ্ট চৰ্চা লাভ কৰাৰ লগতে উত্তৰ প্ৰদেশ চৰকাৰক বিভিন্ন পক্ষই সমালোচনা কৰা পৰিলক্ষিত হয়।

জিলা দণ্ডাধীশ কুশল ৰাজ শৰ্মাই বিষয়টো সন্দৰ্ভত সহকাৰী দণ্ডাধীশ পৰ্যায়ৰ এক তদন্ত কৰি বাতৰিটো ভুৱা বুলি প্ৰকাশ কৰি কাকতখনৰ মুখ্য সম্পাদক সুভাষ ৰায় আৰু সাংবাদিক বিজয় বিনীতলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে।

দণ্ডাধীশগৰাকীয়ে কয় যে সম্প্ৰদায়টোৰ লোকসকলে ‘অঙ্কৰী’ নামৰ এবিধ বনৰীয়া পাত শাক হাবিৰ পৰা সংগ্ৰহ কৰি খায়।

দণ্ডাধীশ শৰ্মাই সংবাদ মাধ্যমৰ আগত আৰু কয়, দলিতসকলে হাবিৰ পৰা সংগ্ৰহ কৰা বিভিন্ন সেউজীয়া বনৰীয়া শাক পাত সংগ্ৰহ কৰি খায় আৰু এই কথাটোকে স্থানীয় সংবাদ পত্ৰখনত এটা চাঞ্চল্য সৃষ্টি কৰাৰ প্ৰয়াসেৰে এখন ফ’টো সংলগ্ন কৰি বাতৰি পৰিৱেশন কৰা হ’ল।

ইফালে দণ্ডাধীশৰ দাবী নস্যাৎ কৰি বাতৰিটোৰ সম্পৰ্কত সাংবাদিক বিজয় বিনীতে কয় যে, ‘মোৰ লগত বাতৰিটোৰ সম্পূৰ্ণ ভিডিঅ’ আৰু সকলো ফ’টো মজুত আছে আৰু ইতিমধ্যে দণ্ডাধীশলৈ এইসমূহ প্ৰেৰণ কৰা হৈছে। কৈৰীপুৰৰ মুছাহাৰ সম্প্ৰদায়ৰ লোকসকল অতি দৰিদ্ৰ আৰু ল’কডাউনৰ পিছৰে পৰা তেওঁলোকৰ খাদ্য সামগ্ৰী কিনিবলৈ ধন হাতত নাই।’

তেওঁ আৰু কয় যে তেওঁলোকৰ পাকঘৰৰ খালী বাচত বৰ্তন বাহিৰে একো দেখা পাবলৈ নাই যিবোৰ ভিডিঅ’ত সংগ্ৰহ কৰা হৈছে। বাতৰিটোৱে স্থানীয় প্ৰশাসনৰ ব্যৰ্থতাকে উন্মুক্ত কৰিছে। বাতৰিটো প্ৰকাশ হোৱাৰ লগে লগে স্থানীয় প্ৰশাসনে গাঁওখনলৈ খাদ্য সামগ্ৰীৰ যোগান ধৰিছে।

আনহাতে জিলা দণ্ডাধীশে সাংবাদিকলৈ শ্ব’ক’জ জাননী প্ৰেৰণ কৰাৰ কাৰ্যৰ বাবে প্ৰশাসনক সমালোচনা কৰিছে কংগ্ৰেছ দলে।

কংগ্ৰেছৰ ৰাজ্যিক সভাপতি অজয় লাল্লুৱে কয় যে, ‘যদি কোনোবাই ‘অঙ্কৰী’ ঘাঁহ খাই ভোক নিবাৰণ কৰিব লগা হৈছে তেনে এয়া উত্তৰ প্ৰদেশ চৰকাৰ আৰু স্থানীয় প্ৰশাসনৰ বাবে অতি লজ্জাজনক কথা আৰু দণ্ডাধীশ কুশল ৰাজ শৰ্মাই ইয়াৰ বাবে অতি শীঘ্ৰেই ক্ষমা খোজা উচিত।’