NORTHEAST NOW (Assamese)
অসম

সোণোৱাল মন্ত্ৰী মণ্ডলৰ বৈঠক, ১ এপ্ৰিলৰ পৰা কাৰ্য্যকৰী হ’ব বহুকেইটা সিদ্ধান্ত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 30, 2020 11:42 pm
Assam CM asks people not to panic as COVID-19 postive cases reach 13 in state

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত সোমবাৰে মন্ত্ৰী মণ্ডলৰ এক বৈঠকত COVID-19 সৃষ্ট পৰিস্থিতিৰ পৰ্য্যালোচনা কৰা হয় আৰু কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

সিদ্ধান্তসমূহ—

  • মুখ্য মন্ত্ৰীয়ে COVID-19ৰ মোকাবিলাৰ বাবে এক বিশেষ পেকেজ ঘোষণা কৰে। ইয়াৰ দ্বাৰা ৰাজ্যৰ ৭২লাখ পৰিয়াল উপকৃত হ’ব।
  • ১ এপ্ৰিলৰ পৰা ৰাজ্যখনৰ ৫৮ লাখ পৰিয়ালে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত বিনামূলীয়া চাউল লাভ কৰিব।
  • ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ কাৰ্ড নথকা গ্ৰামাঞ্চলৰ ৫০০০ জনবসতি থকা অঞ্চলৰ ১০০টা পৰিয়াল, ৫ৰ পৰা ১০ হাজাৰ জনবসতি থকা অঞ্চলত ১৫০টা পৰিয়াল, ১০ হাজাৰৰ ওপৰৰ জনসংখ্যা থকা অঞ্চলৰ ২০০ পৰিয়াল, গুৱাহাটী পৌৰ নিগমৰ প্ৰতিটো ৱাৰ্ডৰ ২৫০টা পৰিয়াল আৰু অন্যান্য নগৰ সমিতিৰ প্ৰতিটো ৱাৰ্ডৰ ১০০টা পৰিয়ালক এক হাজাৰ টকাকৈ এককালীন সাহায্য আগবঢ়োৱা হ’ব।
  • তদুপৰি বি টি এ ডি, ডিমা হাচাও আৰু কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদ এলেকাত নিৰ্বাচন আয়োগৰ লগত আলোচনা মৰ্মে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা কাৰ্ড নথকা প্ৰতিটো পৰিয়ালক এক হাজাৰ টকাকৈ প্ৰদানৰ সিদ্ধান্ত লোৱা হ’ব।
  • ৰাজ্যখনত সম্ভাৱ্য বানপানীৰ প্ৰতি লক্ষ্য ৰাখি অহা ১ এপ্ৰিলৰ পৰা মথাউৰি মেৰামতি আৰু নিৰ্মাণৰ কাম আৰম্ভ কৰা হ’ব।
  • অসমত গৃ্হ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদত পঞ্জীয়নভুক্ত প্ৰায় ২.৭৮ লাখ শ্ৰমিকক এক হাজাৰ টকাকৈ এককালীন সাহায্য আগবঢ়োৱা হ’ব।
  • ১ এপ্ৰিলত পৰা চাহবাগিচাসমূহত জিলা উপায়ুক্তৰ অনুমোদন সাপেক্ষে তথা স্বাস্থ্য বিভাগে জাৰি কৰা নিৰ্দেশাৱলী মানি চলি কেঁচাপাত উঠোৱা তথা অন্যান্য কাৰ্য্য চলোৱাৰ বাবে অনুমতি প্ৰদানৰ সিদ্ধান্ত লোৱা হয়। অৱশ্যে এই ক্ষেত্ৰত স্বাস্থ্য বিভাগে জাৰি কৰা নিৰ্দেশনা সম্পূৰ্ণৰূপে মানি চলিব লাগিব।
  • তদুপৰি উপায়ুক্তৰ অনুমোদন সাপেক্ষে তথা স্বাস্থ্য বিভাগে জাৰি কৰা নিৰ্দেশাৱলী মানি চলি জিলাত থকা খাদ্য সংসাধন উদ্যোগ যেনে ধান মিল, আটা মিল, বিস্কুট ফেক্তৰি আদি খোলাৰ অনুমতি প্ৰদান কৰা হ’ব। অৱশ্যে এই ক্ষেত্ৰত স্বাস্থ্য বিভাগে জাৰি কৰা নিৰ্দেশনা সম্পূৰ্ণৰূপে মানি চলিব লাগিব।
  • ১ এপ্ৰিলৰ পৰা উপায়ুক্তসকলে জিলাখনৰ গেলামাল দোকানসমূহ খোলাৰ সময়সূচীৰ সালসলনিৰ অনুমতি প্ৰদান কৰিব পাৰিব। অৱশ্যে এই ক্ষেত্ৰত স্বাস্থ্য বিভাগে জাৰি কৰা নিৰ্দেশনা সম্পূৰ্ণৰূপে মানি চলিব লাগিব।
  • ১ এপ্ৰিলৰ পৰা কৃষকসকলে স্বাস্থ্যসন্মত নিৰ্দেশনা মানি কৃষিকাৰ্য্য আৰম্ভ কৰিব পাৰিব।
  • শ্ৰীৰামপুৰ গেটত আবদ্ধ হৈ থকা ৰাজ্যখনলৈ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী, পশুখাদ্য কঢ়িওৱা ট্ৰাকসমূহক ১ এপ্ৰিলৰ পৰা ৰাজ্যত প্ৰৱেশৰ অনুমতি প্ৰদানৰ দিশত সিদ্ধান্ত।