NORTHEAST NOW (Assamese)
Popular Stories

দিল্লীৰ নিজামুদ্দিন কাণ্ড; ভাৰতে নিষিদ্ধ কৰিব মাৰ্কাজত উপস্থিত থকা ৩০০ বিদেশীৰ ভিছা!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 31, 2020 6:39 pm
6 from Lakhimpur among Nizamuddin Tablig returnee

দেশত ক’ৰ’নাৰ সংহাৰ অব্যাহত থকাৰ সময়তে দিল্লীৰ নিজামুদ্দিন মাৰ্কাজ তবলিগী জামাত কাণ্ডই দেশত ক’ৰ’নাতংক বৃদ্ধি কৰিছে।

ইতিমধ্যে ইছলামধৰ্মী এই অনুষ্ঠানত অংশগ্ৰহণ কৰা কেবাজনো লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ লগতে মৃত্যুও ঘটিছে।

সময় অতিক্ৰম কৰাৰ লগে লগে উক্ত অনুষ্ঠান সম্পৰ্কে নতুন নতুন তথ্য উদ্ঘাটন হৈ আছে।

চৰকাৰী সূত্ৰৰ মতে উক্ত ধৰ্মীয় অনুষ্ঠানত প্ৰায় ৮ হাজাৰ লোকে অংশগ্ৰহণ কৰিছিল আৰু তাৰ ভিতৰত ৩০০ জন লোক আছিল বিদেশী।

বিশ্বৰ ১৬ ৰাষ্ট্ৰৰ পৰা আহি উক্ত ধৰ্মীয় অনুষ্ঠানত ভাগ লোৱা ৩০০ বিদেশীৰ ভিছা নিষিদ্ধ কৰিব পাৰে ভাৰতে। কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে ঘোষণা কৰিছে এই সম্ভাৱনাৰ কথা।

‘যিসকল বিদেশীয়ে পৰ্যটক ভিছাৰে ভাৰতলৈ আহি উক্ত ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিছে, ভিছাৰ চৰ্ত তথা বিধি উলংঘা কৰাৰ দোষত তেওঁলোকৰ সেই ভিছা নিষিদ্ধ কৰা হ’ব পাৰে।’ গৃহ মন্ত্ৰালয় সূত্ৰটোৱে এইদৰে কয়।

যিসকল বিদেশীৰ ভিছা ব্লেকলিষ্টেট কৰা হ’ব তেওঁলোকে ভৱিষ্যতে কেতিয়াও ভাৰত ভ্ৰমণ কৰিব নোৱাৰিব বুলিও সূত্ৰটোৱে কয়।

যোৱা দুটা দিনত ২৮১ গৰাকী মাৰ্কাজত অংশগ্ৰহণ কৰা বিদেশীৰ সন্ধান লাভ কৰিছে গৃহ মন্ত্ৰালয়ে।

তাৰ ভিতৰত নেপালৰ ১৯, মালয়েছিয়াৰ ২০, আফগানিস্তানৰ ৩৩, ম্যানমাৰৰ, আলজেৰিয়া, জীবৌটিৰ, ছিঙ্গাপুৰ, ফ্ৰান্স, কুৱেইটৰ ১, কাৰ্জেস্তান ৭২, ইন্দোনেছিয়াৰ ৭, থাইলেণ্ডৰ ৩৪, শ্ৰীলংকাৰ ১৯, বাংলাদেশ, ইংলেণ্ডৰ ৩ আৰু ফিজিৰ ৪ গৰাকীকৈ নাগৰিক আছে।

গৃহ মন্ত্ৰালয়ৰ সূত্ৰটোৰ মতে ইয়াৰ সৰহসংখ্যকেই পৰ্যটকৰ ভিছাৰে ভাৰতলৈ আহিছে।