NORTHEAST NOW (Assamese)
অসম

অসমত বুধবাৰে ৭৯টা লকডাউন উলংঘনৰ ঘটনা, ১১৪ জনক গ্ৰেপ্তাৰ

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা April 1, 2020 8:14 pm
Lockdown: 314 cases of violation reported in Assam

অসমত বুধবাৰে চাৰি বজালৈকে ৭৯টা লকডাউন উলংঘনৰ ঘটনা ঘটিছে আৰু ১১৪ গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

দিনটোত মুঠ ১৩খন এজাহাৰ পঞ্জীয়ন কৰা হৈছে।

বুধবাৰে লকডাউন উলংঘা কৰাৰ বাবে জব্দ কৰা যানবাহনৰ সংখ্যা হৈছে ১২২ খন। তাৰে দুচকীয়া ১০৩, তিনিচকীয়া দুই আৰু চাৰিচকীয়া ১৭খন।

দিনটোত মুঠ ২৮ হাজাৰ টকাৰ জৰিমনা সংগ্ৰহ কৰা হৈছে।

আনহাতে লকডাউন ঘোষণা হোৱাৰ পৰা ১ এপ্ৰিলৰ চাৰি বজালৈকে অসমত মুঠ উলংঘনৰ ঘটনা সংঘটিত হৈছে ৫০০টা।

এই সন্দৰ্ভত গোচৰ পঞ্জীয়ন হৈছে ৩০২টা আৰু গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা হৈছে ৬৮০ গৰাকী।

এই সময়চোৱাত মুঠ ২৮২৫খন যানবাহন জব্দ কৰা হৈছে। ইয়াৰ ভিতৰত আছে দুচকীয়া ২৫৫৪, তিনিচকীয়া ১৩ আৰু চাৰিচকীয়া ২৫৭খন।

লকডাউনৰ সময়ত মুঠ জৰিমনা সংগ্ৰহ কৰা হৈছে ১০,১৮,৯০০ টকা।

মাৰাত্মক কৰ’নাভাইৰাছক প্ৰতিহত কৰাৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশজুৰি ২১ দিনৰ লকডাউন ঘোষণা কৰিছে।

অসমত যোৱা ২৪ ঘণ্টাত পাঁচগৰাকীকৈ COVID-19 আক্ৰান্ত ব্যক্তি চিনাক্ত হৈছে।

আটাইকেইজন লোকেই নিজামুদ্দিনৰ জামাতলৈ যোৱা বুলি জানিব পৰা গৈছে।

দেশত এই ৰোগত আক্ৰান্তৰ সংখ্যা ১৬৩৭লৈ বৃদ্ধি পাইছে। বিশ্বজুৰি আঠ লাখতকৈয়ো অধিক লোক এই ৰোগত আক্ৰান্ত হৈছে।