NORTHEAST NOW (Assamese)
ত্ৰিপুৰা

ত্ৰিপুৰা নিৰ্বাচনলৈ সম্পূৰ্ণ সাজু নিৰ্বাচন আয়োগ: কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা

Posted by: এন ই নাও নিউজ February 17, 2018 10:36 am
File photo of Tripura Chief Electoral Officer Sriram Tarikanta

শুকুৰবাৰে ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যৰ অন্ত পৰাৰ পিছতে ৰাজ্যখনৰ মুখ্য নিৰ্বাচনী বিষয়া শ্ৰীৰাম তৰিকান্তই এক সংবাদমেল সম্বোধন কৰি নিৰ্বাচনমুখী ৰাজ্যখনৰ সকলো ভোটাৰকে নিজৰ পচন্দৰ প্ৰাৰ্থীক কোনো ভয়-শংকা নোহোৱাকৈ ভোটদান সাব্যস্ত কৰিবলৈ আহ্বান জনায়।

উল্লেখ্য যে ৰাজ্যখনত অহা ৰবিবাৰ ১৮ ফেব্ৰুৱাৰিৰ দিনা নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু ৩ মাৰ্চত ফলাফল ঘোষণা কৰা হ’ব উত্তৰ-পূবৰ আন দুখন ৰাজ্য নাগালেণ্ড আৰু মেঘালয়ৰ সৈতে।

ইফালে ৰাজ্যখনত ৰবিবাৰৰ দিনটোত যাতে কোনো ধৰণৰ অপ্ৰিতীকৰ পৰিস্থিতিৰ উদ্ভৱ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচন আয়োগে ৰাজ্যখনৰ আইন-শংখলা নিৰীক্ষণৰ বাবে প্ৰাক্তন ইণ্ডো টিবেটান ব’ৰ্ডাৰ পুলিছৰ মহানিৰ্দেশক আৰ কে পঞ্চনন্দক নিয়োগ কৰিছে। আৰ কে পঞ্চনন্দে নিৰ্বাচনৰ দিনা দায়িত্বভাৰ গ্ৰহণ কৰিব।

আনহাতে নিৰ্বাচনী বিষয়াজনে জনায় যে যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ বিপক্ষে মোকাবিলা কৰিবলৈ ৰাজ্যখনত ইতিমধ্যে দুখন হেলিকপ্টাৰ আৰু এখন বায়ু এম্বুলেঞ্চ সম্পূৰ্ণ সাজু কৰি ৰখা হৈছে।

নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পিছত ৰাজ্যখনত শান্তি-সম্প্ৰীতি অটুট ৰখাৰ স্বাৰ্থত অতিৰিক্ত কেন্দ্ৰীয় বাহিনীৰ কোম্পানী কিছুদিনলৈ বাহৰ পাতিব বুলি মুখ্য নিৰ্বাচনী বিষয়া তৰিকান্তই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

ইফালে ৰাজ্যখনৰ চিহ্নিত হোৱা অতিকৈ স্পৰ্শকাতৰ ভোটকেন্দ্ৰ সমূহত সুকলমে ভোটদান সম্পন্ন হোৱাৰ স্বাৰ্থত নিৰাপত্তা অধিক কটকটীয়া কৰি তোলা হোৱা বুলিও জনায় তৰিকান্তই।

আনহাতে ত্ৰিপুৰা কিছু ৰাজনৈতিক দল তথা সচেতন মহলে ইভিএম আৰু ভিভিপিএটি সম্পৰ্কে শংকিত হোৱা বিষয়টো সন্দৰ্ভত বিষয়াজনে কয় যে ৰাজ্যবাসীয়ে কোনো ধৰণৰ শংকিত হোৱাৰ প্ৰয়োজন নাই কিয়নো এই মেচিনসমূহত নিজৰ ভোট সম্পূৰ্ণ নিৰাপদ।

স্মৰ্তব্য যে ইতিমধ্যে পোষ্টেল বেলট যোগে ৰাজ্যখনত প্ৰায় ৫০ হাজাৰ লোকে ভোটদান সাব্যস্ত কৰা বুলিও জানিবলৈ দিয়ে তৰিকান্তই।