NORTHEAST NOW (Assamese)
অসম

কৰ’নাভাইৰাছ: গেলামালৰ বজাৰত সোমোৱাৰ পূৰ্বে বীজাণুনাশক সুৰংগ স্থাপন, চাওক Video

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 3, 2020 8:08 pm
Coronavirus-750x375

কৰ’নাভাইৰাছৰ বিৰুদ্ধে সাৱধানতামূলক পদক্ষেপ হিচাপে কৰ্নাটকৰ মাইছুৰুত গেলামালৰ বজাৰত সোমোৱাৰ পথত বীজাণুনাশক সুৰংগ স্থাপন কৰা হৈছে।

বজাৰলৈ যোৱা গ্ৰাহকসকলে সেই সুৰংগৰ মাজেদি প্ৰৱেশ কৰিব লাগে আৰু তেওঁলোকৰ গাত বীজাণুনাশক স্প্ৰে’ কৰি দিয়া হয়।

মাইছুৰুৰ নগৰপালিকাই কৰা নগৰখনৰ এক্সহিবিচন গ্ৰাউণ্ড মাৰ্কেটত কৰা এই ব্যৱস্থাৰ এটা ভিডিঅ’ চ’চিয়েল মিডিয়াত বিয়পি পৰিছে।

চৰকাৰী পৰিসংখ্যা মতে কৰ্নাটকত ১২৪ গৰাকী লোকক COVID-19 পজিটিভ পোৱা গৈছে। তিনিজনৰ মৃত্যু ঘটিছে, ১০ জন আৰোগ্য হৈছে।

লকডাউনে দশম দিনত ভৰি দিয়াৰ মাজতে দেশত কৰ’নাভাইৰাছত আক্ৰান্তৰ সংখ্যা ২৫০০ হোৱাৰ দিশে আগবাঢ়িছে।

চৰকাৰী তথ্য মতে শুকুৰবাৰলৈকে এই সংখ্যা হৈছেগৈ ২৩০১ গৰাকী। ইয়াৰে ১৫৬ গৰাকী আৰোগ্য হৈছে। ৫৬ জন লোক মৃত্যুমুখত পৰিছে।

কিন্তু চৰকাৰীভাৱে এতিয়ালৈকে ঘোষণা হোৱা নাই যদিও ভাৰতত শুকুৰবাৰে দিনটোৰ শেষলৈকে কৰ’নাভাইৰাছত আক্ৰান্ত ২৫৬৭ গৰাকীলৈ বৃদ্ধি পাইছে আৰু ৭২ গৰাকী লোকৰ মৃত্যু ঘটিছে বুলি জানিব পৰা গৈছে।

ৰাজ্যসমূহৰ ক্ষেত্ৰত পূৰ্বৰ দৰেই মহাৰাষ্ট্ৰ আৰু কেৰালা শীৰ্ষত আছে। কিন্তু তামিলনাডুত কৰ’নাভাইৰাছ আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে।

মহাৰাষ্ট্ৰত সৰ্বাধিক ৩৩৫ গৰাকী COVID-19 আক্ৰান্ত চিনাক্ত হৈছে। ১৬ জনৰ মৃত্যু ঘটিছে ৪২ গৰাকীয়ে আৰোগ্য লাভ কৰিছে।

তামিল নাডুত ৩০৯ গৰাকী COVID-19 আক্ৰান্ত চিনাক্ত হৈছে। ছজনে আৰোগ্য লাভ কৰিছে, এজনৰ মৃত্যু হৈছে।

কেৰালাত ২৮৬ গৰাকী COVID-19 আক্ৰান্ত চিনাক্ত হৈছে। ৰাজ্যখনত দুজন লোকৰ মৃত্যু হৈছে আৰু ২৭ গৰাকী লোকে আৰোগ্য লাভ কৰিছে।