NORTHEAST NOW (Assamese)
Popular Stories

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ তিনিটা দাবী প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 4, 2020 3:42 pm

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ তিনিটা দাবী প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ।

ৰাজ্যত ক’ৰ’নাই ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে ল’কডাউনৰ ফলত গ্ৰাম্য অঞ্চল সমূহত খাদ্য সংকতে দেখা দিছে বুলি মন্তব্য ৰিপুন বৰাৰ।

ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে সৰ্বদলীয় সভা অনুষ্ঠিত কৰিবৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান জনাইছে ৰিপুন বৰাই।

চৰকাৰে অসমৰ সমস্যা অকলে কেতিয়াও সমাধান কৰিব নোৱাৰিব বুলিও দাবী ৰিপুন বৰাৰ।

এই ক্ষেত্ৰত সকলো ৰাজনৈতিক দলে একেলগে চৰকাৰক সহায় সহযোগিতা কৰিব লাগিব বুলিও মন্তব্য ৰিপুন বৰাৰ।

মুখ্যমন্ত্ৰীয়ে সকলো বিৰোধী দলক আস্থাত লৈ মহামাৰীৰ বিৰুদ্ধে যুঁজ দিব লাগে বুলি ৰিপুন বৰাই উল্লেখ কৰে ।

ৰাজ্য চৰকাৰে ক্ষুদ্ৰ উপাৰ্জনকাৰী লোকৰ বাবে ঘোষণা কৰা আৰ্থিক পেকেজ ল’কডাউনৰ ১১ দিন পাৰ হৈ যোৱাৰ পাছতো লাভ কৰা নাই বুলি ঘোষণা কৰি বৰাই লগতে কয় “ক’ৰবাত কোনোবাই চেগা চুৰুকাকৈ পাইছে। গতিকে সকলো লোকে যাতে ল’কডাউনৰ সময়ছোৱাত ঘোষণা কৰা আৰ্থিক পেকেজ লাভ কৰে তাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।”

ইয়াৰোপৰি, শাক পাচলি ব্যৱসায়ী সকলে পাচলিসমূহ বিক্ৰী কৰিব নোৱাৰি নষ্ট কৰিবলগীয়া হৈছে বুলি উল্লেখ কৰি বৰাই কয়, “মুখ্যমন্ত্ৰীয়ে এটা নিৰ্দেশ দিব লাগে যাতে কৃষি বিভাগ নাইবা সুলভ মূল্যৰ দোকানৰ জৰিয়তে ক্ৰয় কৰাৰ ব্যৱস্থা কৰিব পাৰে। তেতিয়া কিছু পৰিমাণে শাক-পাচলি বেপাৰী বা খেতিয়কসকলে সকাহ পাব।”