NORTHEAST NOW (Assamese)
অসম

COVID-19: চ’চিয়েল মিডিয়াত ভুৱা বাতৰি, গুজৱ নিৰীক্ষণৰ বাবে জৰুৰী নিৰ্দেশ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 4, 2020 9:35 pm
Assam police fake news alert: No shortage of salt in state

অসমৰ তথ্য আৰু জনসংযোগ বিভাগে ক’ভিড-১৯ মহামাৰীয়ে সৃষ্টি কৰা পৰিস্থিতিৰ মাজত চ’চিয়েল মিডিয়াত ভুৱা বাতৰি, গুজৱ আদি নিৰীক্ষণ আৰু ৰোধৰ বাবে শনিবাৰে এক জৰুৰী নিৰ্দেশ দিছে।

তাৰোপৰি পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰকৃত তথ্যসমূহ ৰাইজৰ মাজত প্ৰচাৰৰ ব্যৱস্থা গ্ৰহণৰ বাবেও সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়া হৈছে।

নিৰ্দেশটোত চ’চিয়েল মিডিয়াত কৰা ভুৱা/ আপত্তিজনক প’ষ্ট/ মন্তব্য সূক্ষ্মভাৱে নিৰীক্ষণ কৰিবলৈ কোৱা হৈছে।

আৰু এনে কোনো ঘটনা দৃষ্টিগোচৰ হ’লেই স্থানীয় প্ৰশাসন বা ৰাজ্যৰ তথ্য আৰু জনসংযোগ সঞ্চালকক অৱগত কৰিবলৈ কোৱা হৈছে।

নিৰ্দেশটোত কোৱা হৈছে যে এনে কোনো নিৰীক্ষণ/ ধৰা পেলোৱা ঘটনা ভৱিষ্যতৰ প্ৰসংগৰ কাৰণে লিপিবদ্ধ ৰূপত ৰখা হ’ব পাৰে।

ৰাইজ বা মিডিয়াই যিকোনো বাতৰি/ চ’চিয়েল মিডিয়া প’ষ্ট সন্দৰ্ভত স্পষ্টীকৰণ বিচাৰিলে সঠিক তথ্য প্ৰচাৰ কৰিবলৈ সংশ্লিষ্ট স্থানীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়া হৈছে।

মিডিয়া বা ৰাইজক সকলো চৰকাৰী উদ্যোগৰ বিষয়ে তথ্য নিৰৱচ্ছিন্নভাৱে যোগান ধৰিবলৈয়ো নিৰ্দেশটোত কোৱা হৈছে।

জনসাধাৰণক সঠিক তথ্য আৰু স্পষ্টীকৰণ দিয়াৰ বাবে জিলা বা মহকুমা পৰ্য্যায়ত প্ৰশাসনে চ’চিয়েল মিডিয়া হেণ্ডল/ হোৱাটছএপ নম্বৰৰ ব্যৱস্থা কৰি ৰাইজৰ মাজত প্ৰচাৰ কৰিব পাৰে বুলিও কোৱা হৈছে।

Fake news: DIPR, Assam alerts district, sub-divisional officers

ক’ভিড-১৯ৰ আতংকৰ মাজতে অসমত শেহতীয়াকৈ চ’চিয়েল মিডিয়াত বহুতো ভুৱা খবৰ বিয়পি থকা পৰিলক্ষিত হৈছে।

চ’চিয়েল মিডিয়াত “চৰকাৰী জাননী” বুলিও আনকি এক ভয়ংকৰ ভুৱা বাতৰি অসমত প্ৰচাৰিত হৈ আছে।

ভুৱা প্ৰচাৰ ফৰৱাৰ্ড বা সম্প্ৰচাৰ নকৰিবলৈ অসম আৰক্ষীয়েও চ’চিয়েল মিডিয়াযোগে ৰাইজক ইতিমধ্যে আহ্বান জনাইছে।

ইফালে লকডাউনৰ মাজতে COVID -19ক লৈ উৰা বাতৰি প্ৰচাৰ কৰাসকলৰ বিৰুদ্ধে অসম আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে।

বৰ্তমানলৈ এই সন্দৰ্ভত ৭টা গোচৰ পঞ্জীয়ন হৈছে আৰু ৪ জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে।

“আমি নাগৰিকসকলক অনুৰোধ জনাইছো তেওঁলোকে যাতে যিকোনো অসত্য তথ্য ফৰৱাৰ্ড অথবা প্ৰম’ট কৰাৰ পৰা বিৰত থাকে,” অসম আৰক্ষীৰ আহ্বান।