NORTHEAST NOW (Assamese)
Popular Stories

হনুমানে লক্ষ্মণৰ জীৱন বচোৱাৰ প্ৰসংগ উল্লেখেৰে ব্ৰাজিলৰ ৰাষ্ট্ৰপতিয়ে ভাৰতৰ পৰা বিচাৰিলে হাইড্ৰ’ক্সিক্লৰ’কুইন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 8, 2020 2:23 pm
Jai Hanuman

ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জাইৰ বলচোনৰোই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ লিখি ক’ৰ’না ৰোগীৰ চিকিৎসাৰ বাবে মেলেৰিয়া ৰোগৰ চিকিৎসাত ব্যৱহৃত হাইড্ৰ’ক্সিক্লৰ’কুইন ঔষধৰ সহায় বিচাৰিছে।

ব্ৰাজিলৰ ৰাষ্ট্ৰপতি গৰাকীয়ে নিজৰ পত্ৰত হনুমানে ৰামৰ ভাতৃ হনুমানক আৰোগ্যৰ বাবে হিমালয়ৰ পৰা সঞ্জীৱনি অনাৰ প্ৰসংগ উল্লেখ কৰি ভাৰতেও ব্ৰাজিলক এই মহা সংকটৰ সময়ত ঔষধৰ যোগান ধৰাৰ বাব আহ্বান জনাইছে।

উল্লেখযোগ্য যে, সমগ্ৰ বিশ্বত ক’ৰ’না মহামাৰীয়ে আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰাৰ পাছত বিশ্ব বজাৰত হাইড্ৰ’ক্সিক্লৰ’কুইনৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আনকি ভাৰতে হাইড্ৰ’ক্সিক্লৰ’কুইনৰ যোগান নধৰিলে ভাৰতক প্ৰত্যুত্তৰ দিয়া হ’ব বুলি ভাবুকি প্ৰদান কৰিছিল।

ভাৰতত আই চি এম আৰে হাইড্ৰ’ক্সিক্লৰ’কুইনক ক’ৰ’না ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰাৰ বাবে অনুমতি প্ৰদান কৰিছিল।

ভাৰতত বৰ্তমানলৈ ৫,০০০ কৈ অধিক লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে আৰু ইয়াৰ ভিতৰত ১৪৯ গৰাকী লোকৰ ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হৈছে।