NORTHEAST NOW (Assamese)
Popular Stories

মুকলি আকাশৰ তললৈ অহা বাট প্ৰশস্ত ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱালৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 8, 2020 6:23 pm

শীঘ্ৰেই মুকলি আকাশৰ তললৈ অহাৰ বাট প্ৰশস্ত হ’ল ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা (NIA)-এ গ্ৰেপ্তাৰ কৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰ আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি বিতু সোণোৱালৰ।

মঙলবাৰে NIA আদালতে ধৈৰ্য্য কোঁৱৰ আৰু বিতু সোণোৱালৰ জামিন আবেদন মঞ্জুৰ কৰিলে। নেতা দুগৰাকী অখিল গগৈৰ সৈতে একেটা গোচৰত কাৰাৰুদ্ধ হৈ আছিল।

নেতা দুজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ 120/124(A), 153(A) আৰু 153(B) ধাৰাৰ অধীনত 13/19 নম্বৰৰ গোচৰ ৰুজু আছিল। উপযুক্ত প্ৰমাণ নথকাৰ বাবে NIA আদালতে দুয়োজনৰ জামিন মঞ্জুৰ কৰে।

তেওঁলোকৰ হৈ আদালতত যুক্তি আগবঢ়োৱা অধিবক্তা ডিম্পুল চুতীয়াই জানিবলৈ দিয়া মতে ৩০ হাজাৰ টকাৰ আমানত ধন আৰু এজন সাক্ষীৰ বিনিময়ত NIA আদালতে ধৈৰ্য্য কোঁৱৰ আৰু বিতু সোণোৱালৰ জামিন মঞ্জুৰ কৰিলে।

যদিহে ধৈৰ্য্য কোঁৱৰ আৰু বিতো সোণোৱালৰ ওপৰত থকা পূৰ্বৰ আন আন গোচৰসমূহৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা নহয় তেন্তে অতি নেতা দুগৰাকী শীঘ্ৰে মুকলি আকাশৰ তললৈ আহিব পাৰিব।