NORTHEAST NOW (Assamese)
অসম

গাড়ীৰ ভিতৰতে জীৱন-যাপন কৰিছে COVID-19ৰ কৰ্তব্যত নিয়োজিত এগৰাকী চিকিৎসকে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 9, 2020 5:47 pm
asha_9420_sachincar new

ভাৰততো বৰ্তমান Covid-19ৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ লগতে ইয়াৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে সংশ্লিষ্ট লোকসকলৰ তৎপৰতা স্বাভাৱিকতে বৃদ্ধি পাইছে।

চিকিৎসা বৃত্তিৰ সৈতে জড়িত এচাম নিষ্ঠাৱান তথা কৰ্তব্যপৰায়ন লোকে আনকি ঘৰ-পৰিয়ালৰ পৰা আঁতৰি দেশৰ এই জৰুৰীকালীন স্বাস্থ্য সংকটৰ সময়ত নিজকে উজাৰি দিছে।

ভূপালৰ জে পি হাস্পাতলত নিযুক্ত চিকিৎসক ড০ শচীন নায়কে বিগত কিছুদিন ধৰি তেওঁৰ সৰু গাড়ীখনতে (কাৰ) বাস কৰিবলৈ লৈছে।

বাতৰি অনুসৰি, চিকিৎসকগৰাকীয়ে এই পন্থা অৱলম্বন কৰিছে যাতে ভাইৰাছটো কোনো কাৰণতে তেওঁৰ পৰিয়ালৰ লোকলৈ সংক্ৰমিত হ’ব নোৱাৰে।

ড০ নায়কে হাস্পাতলখনৰ কৰ’না ভাইৰাছ সংক্ৰমিত লোকসকলৰ মাজত চিকিৎসা সেৱা প্ৰদান কৰি আছে।

তেওঁ নিজৰ কৰ্তব্য শেষ হোৱাৰ পাছত তেওঁ হাস্পাতলৰ ওচৰতে পাৰ্কিং কৰি থোৱা নিজৰ গাড়ীখনলৈ যায় আৰু তাতেই  নিশা কটায়।

তেওঁৰ গাড়ীখনৰ ভিতৰত ড০ নায়কে নিত্য ব্যৱহাৰ্য সামগ্ৰী আৰু গ্ৰ্ন্থ মজুত কৰি ৰাখিছে।

বাতৰি অনুসৰি, কৰ্তৃপক্ষই চিকিৎসক আৰু প্ৰথম শাৰীৰ কৰ্মীসকলৰ থকাৰ বাবে হোটেলত বন্দোৱস্ত কৰিছে যদিও চৌহদবোৰ ছেনিটাইছড কৰা নোহোৱাৰ বাবে আৱন্টন দিয়াত বিলম্ব ঘটে।

ড০ নায়ক আৰু আন কৰ্মীসকলে দুই এদিনৰ ভিতৰতে এই বাসস্থানসমূহলৈ যাব পাৰিব বুলি আশা কৰা হৈছে।