NORTHEAST NOW (Assamese)
অসম

মহাৰাষ্ট্ৰত আত্মহত্যা অসমৰ ক’ভিড-১৯ আক্ৰান্ত যুৱকৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 11, 2020 4:38 pm
Woman commits ''suicide'' in Assam's Teok

মহাৰাষ্ট্ৰত ক’ভিড-১৯ পজিটিভৰূপে চিনাক্ত অসমৰ এজন যুৱকে শনিবাৰে আত্মহত্যা কৰাৰ খবৰ পোৱা গৈছে।

যুৱকজনৰ নাম জেহেৰুল ইছলাম আৰু তেওঁৰ ঘৰ নগাওঁ জিলাৰ ৰূপহীহাট থানাৰ অন্তৰ্গত শিঙিমাৰী গাঁৱত।

মহাৰাষ্ট্ৰৰ অকলা নগৰত কৰ্মৰত আছিল যুৱকজন। যুৱকজনৰ বয়স ৩০ বছৰ বুলি জানিব পৰা গৈছে।

শুকুৰবাৰে যুৱকজনৰ দেহত ক’ভিড-১৯ৰ উপস্থিতি ধৰা পৰিছিল আৰু তেওঁ ৭ এপ্ৰিলৰ পৰা গৱর্নমেণ্ট মেডিকেল কলেজ এণ্ড হস্পিতালত আইছলেচনত আছিল।

আজি পুৱা প্ৰায় ৫ বজাত হস্পিটেলখনৰ কৰ্মচাৰীয়ে বাথৰুমত তেওঁৰ মৃতদেহটো প্ৰত্যক্ষ কৰে।

যুৱকজনে ব্লেডৰে ডিঙি কাটি আত্মহত্যা কৰা বুলি সন্দেহ কৰিছে মহাৰাষ্ট্ৰ আৰক্ষীয়ে।

মহাৰাষ্ট্ৰৰ অকলাত শুকুৰবাৰে অসমৰ যুৱকজনকে ধৰি তিনিজন ব্যক্তি ক’ভিড-১৯ পজিটিভৰূপে চিনাক্ত হৈছিল।

ইপিনে শনিবাৰলৈকে ভাৰতত ৭৪৪৭গৰাকী ক’ভিড-১৯ ৰোগী চিনাক্ত হৈছে। ২৩৯ গৰাকী লোক মৃত্যুমুখত পৰিছে।