NORTHEAST NOW (Assamese)
Popular Stories

ক’ৰ’নাতংকৰ মাজতে প্ৰধানমন্ত্ৰী মোদীৰ ঘোষণা; কাৰ্যালয়লৈ যাব লাগিব কেন্দ্ৰীয় মন্ত্ৰীসকল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 11, 2020 9:01 pm
100 US firms may shift base to India from China

কেন্দ্ৰীয় মন্ত্ৰীসকলৰ ঘৰ পৰা কাম কৰাৰ ম্যাদ শেষ হৈছে। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কথা ঘোষণা কৰিছে।

ক’ৰ’নাতংকৰ বাবে দেশত ৩০ এপ্ৰিললৈকে দেশৰ ল’কডাউনৰ ম্যাদ বৃদ্ধি কৰাৰ বাবে প্ৰস্তুতি চলোৱাৰ সময়তে প্ৰধানমন্ত্ৰী মোদীয়ে কেন্দ্ৰীয় মন্ত্ৰীসকলৰ ‘ৱৰ্ক ফৰ্ম হোম’ শেষ হোৱা বুলি ঘোষণা কৰিছে।

মোদীয়ে তেওঁৰ মন্ত্ৰী সভাৰ মন্ত্ৰীসকলক নিজ বিভাগৰ কাৰ্যালয়লৈ আহিবলৈ নিৰ্দেশ দিছে।

ষ্টেণ্ডাৰ্ড অ’পাৰেটিং ছিষ্টেমৰ(SoP) দ্বাৰা সামাজিক দূৰত্ব বৰ্তাই ৰাখি বিষয়াসকলকো কাৰ্যালয়ত যোগদান কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে।

জ্যেষ্ঠ বিষয়া (যুটীয়া সচিব আৰু তাৰ ওপৰৰ বিষয়া)সকলৰ লগতে দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলেও ৰ’টেশ্যন অনুসাৰে কাৰ্যালয়লৈ আহিব লাগিব।