NORTHEAST NOW (Assamese)
Popular Stories

মহানগৰীত হ’ম ডেলিভাৰীৰ বিপৰীতে ৰাস্তাতে বহিল মাংস দোকানী; গ্ৰাহকৰ হেতা-ওপৰা

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা April 12, 2020 1:33 pm

ল’কডাউনৰ বাবে স্তব্ধ সকলো। বন্ধ হৈ আছে মাংসৰ বিপনী সমূহ। প্ৰশাসনে মহানগৰবাসীক মাংস যোগান ধৰিবলৈ লৈছিল বিশেষ পদক্ষেপ। কিন্ত সকলো এতিয়া ধোৱাচাঙত।

উল্লেখযোগ্য যে মহানগৰ জিলা প্ৰশাসনৰ নিৰ্দেশনাত ঘৰে ঘৰে গৈ মাংস যোগান ধৰিব লাগিব বুলি স্পষ্টভাৱ উল্লেখ আছে। ভেণ্ডৰসকলে মুকলিকৈ মাংস বিক্ৰি কৰিব নোৱাৰিব। কিন্তু ইয়াৰ এখন ওলোটা ছবিহে আজি দেখা যায় খাৰঘূলিৰ বেলতলত।

খাৰঘূলিৰ বেলতল শিৱমন্দিৰৰ ওচৰত মাংস বিক্ৰীৰ অনুজ্ঞাপত্ৰ লাভ কৰা এগৰাকী ভেণ্ডৰে আজি মুকলিকৈ ব্ৰয়লাৰ মাংস বিক্ৰী কৰে। উপস্থিত নাই আৰক্ষী প্ৰশাসনৰ কোনো লোক। ফলত মাংস কিনিবলৈ অহা গ্ৰাহকৰ যথেষ্ট ভিৰ দেখা যায়। আনহাতে ভেণ্ডৰ গৰাকীয়ে প্ৰশাসনে বান্ধি দিয়া নিয়ম উলংঘা কৰি গ্ল’ভছ, মাস্ক আদি নিপিন্ধাকৈ মাংস বেচা দেখা যায়।

ইপিনে প্ৰশাসনে মহানগৰৰ বিভিন্ন অঞ্চলত মাংসৰ হ’ম ডেলিভাৰীৰ বাবে মোবাইল নম্বৰসহ ভেণ্ডৰসকলৰ এখন তালিকা প্ৰকাশ কৰিছিল যদিও Assam Livestock and Poultry Corporationৰ বাহিৰে আন নম্বৰবিলাকত গ্ৰাহকে যোগাযোগ কৰিব পৰা নাই। বেছিভাগ নম্বৰত ফোন কৰিলে হয় ব্যস্ত নহয় ছুইটছ অফ দেখুৱাই।