নৰ্থ-ইষ্ট নাওৰ আগত কি ক’লে ৰাজ্যৰ ক’ৰ’না ৰোগীক চিকিৎসা আগবঢ়োৱা প্ৰথমটো দলৰ চিকিৎসা কৰ্মীয়ে?

ৰাজ্যৰ ক’ৰ’না আক্ৰান্ত ৰোগী সকলক চিকিৎসা আগবঢ়োৱা ক’ৰ’না চিকিৎসালয়লৈ উন্নীত কৰা সোণাপুৰ জিলা চিকিৎসালয়ৰ ষ্টাফ নাৰ্চ কুইন বৈশ্যই নৰ্থ-ইষ্ট নাওৰ সন্মুখত তেওঁৰ চিকিৎসা প্ৰদানৰ অভিজ্ঞতাৰ কথা বৰ্ণনা কৰে।
বৈশ্যই ক’ৰ’না আক্ৰান্ত ৰোগী সকলক চিকিৎসা কৰা প্ৰথমটো দলত তেওঁ আছিল বুলি জনায়। ১ এপ্ৰিলৰ নিশা তেওঁ প্ৰথম গৰাকী ক’ৰ’না আক্ৰান্ত ৰোগীক চিকিৎসা কৰাৰ সুযোগ লাভ কৰিছিল আৰু তেওঁলোকৰ দলটোত তিনিগৰাকী চিকিৎসক আৰু চাৰিগৰাকী ষ্টাফ নাৰ্চ আছিল বুলি কয়।
‘‘আমি বহু সৱধানতাৰে আৰু পৰিস্কাৰ-পৰিচন্নতাৰে কাম খিনি কৰিছিলো। ক’ৰ’নাত আক্ৰান্ত ৰোগীৰ চিকিৎসা কৰিবলৈ যাওতে আমি পিপিই পিন্ধি গৈছিলো। আমি ষ্টাফ নাৰ্চ কেইগৰাকীয়ে গোটেই কেইগৰাকীৰ মাজত ভগাইলৈ ৬ ঘন্টাকৈ কাম কৰিছিলো। পিপিই পিন্ধি কাম কৰাটো খুবেই কষ্টকৰ। আমাৰ টয়লেটলৈ যোৱাৰ ক্ষেত্ৰতো অসুবিধা হৈছিলে।’’
আনহাতে, এই মহামাৰীৰ সময়ত জনসাধাৰণক এইখিনি সেৱা কৰিবলৈ পোৱা বাবে বৈশ্যই আনন্দিত হৈছে বুলিও লগতে কয়।
ৰোগী সকলক চিকিৎসা প্ৰদানৰ সময়ত যাতে ক’ৰ’না ভাইৰাছ নিজৰ শৰীৰলৈ সংক্ৰমণ ঘটিব নোৱাৰে সেইবাবে তেওঁলোকে অধিক সতৰ্কতা অৱলম্বন কৰা বুলিও তেওঁ মত প্ৰকাশ কৰে।
তেওঁ লগতে কয়, ‘‘ৰোগী কেইজনে আমাক বহুত সহযোগ কৰিছিল ৷ তিনিগৰাকী ৰোগী আছিল তাৰ ভিতৰত এগৰাকী ৰোগীৰ ৰক্তচাপ অলপ বেছি আছিল ৷ আমি প্ৰতি গৰাকী ষ্টাফ নাৰ্চে এইটো পৰ্যবেক্ষণ কৰিছিলো ৷ আমি যি কৈছো সেই কথা ৰোগী সকলে মানি চলাৰ লগতে যি কৈছিলো গোটেই খিনি কৰিছিলে ৷ খোৱা-লোৱাৰ পৰা একেবাৰে দৰৱ লোৱালৈ সকলো মানি চলিছিল।’’
স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিযুষ হাজৰিকাকো আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি বৈশ্যই স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিযুষ হাজৰিকায়ো খবৰ ল’বলৈ আহিছিল বুলি উল্লেখ কৰি চৰকাৰে কম সময়ৰ ভিতৰতে সকলো ব্যৱস্থা সুন্দৰকৈ আয়োজন কৰিছিল বুলি কয় ৷
পিপিআই,মাস্ক আদিৰ লগতে ট্ৰেনিং দিয়া এই সকলোবোৰ দিশ সুচাৰুভাৱে স্বাস্থ্য বিভাগে তেওলোকে যোগান ধৰিছিল বুলিও লগতে বৈশ্যই কয়।
তদুপৰি, চিকিৎসালয়ত থকা সাত দিনত তেওঁলোকৰ বাবে চিকিৎসালয়তে আছুতীয়া কক্ষৰ ব্যৱস্থা কৰাৰ লগতে খোৱা বোৱাৰো সুব্যস্থা কৰা হৈছিল বুলি বৈশ্যই নৰ্থ-ইষ্ট নাওৰ আগত প্ৰকাশ কৰে।
‘‘মনত আমাৰ ভয় আছিলে ৷ যিহেতু টিভি, পেপাৰ আদিত বাহিৰ দেশৰ পৰিবেশ দেখিছিলো ৷ কিন্ত তাৰ পিছতো আমি কৰ্তব্য নিষ্ঠাৰে আগবাঢ়িছো ৷ আমি এই বৃত্তিলৈ আহিছো যেতিয়া আমি পাৰিম এই কথা ভাবিয়েই আমি আগবাঢ়ি গৈছিলো,’’ চিকিৎসা কৰ্মী গৰাকীয়ে লগতে জানিবলৈ দিয়ে।
‘‘কৰ্তব্যৰ সময়ত মা দেউতা বহুত চিন্তাত আছিলে ৷ খোৱা বোৱা টোপনি আদিক লৈ চিন্তা কৰি আছিল ৷ এতিয়া ভাল হৈছে যিহেতু এতিয়া তাজ ভিভান্টাত আছো,’’ তেওঁ আৰু কয়।
তাজ ভিভান্টাত ১৪ দিনৰ বাবে সকলো চিকিৎসা কৰ্মীকে কোৱাৰেন্টাইনত ৰখা হৈছে ৷ সকলোকে আছুতীয়া কোঠা দিয়াৰ লগতে খোৱা-বোৱা সকলো আছুতীয়াকৈ কৰা হৈছে ৷
চিকিৎসা কৰ্মী সকলৰ বাবে কৰা এনে সুন্দৰ আয়োজনৰ বাবে সকলোৱে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰে ৷
অসমৰ সমূহ ৰাইজলৈ ষ্টাফ নাৰ্চ গৰাকীয়ে সামাজিক দুৰত্ব বজাই ৰাখিবলৈ আহ্বান জনোৱাৰ লগতে ঘৰতে থকাৰ বাবে অনুৰোধ কৰি তেওঁলোকক কৰ’নাৰ বিৰুদ্ধে যুঁজাত সহায় কৰিব বুলি কয় ৷