NORTHEAST NOW (Assamese)
অসম

ব্যতিক্ৰমী প্ৰয়াস; ডিব্ৰুগড়ত গৰুৰ পঘা, মাখিয়তী বিতৰণ বিধায়ক প্ৰশান্ত ফুকনৰ

Posted by: অভিক চক্ৰৱৰ্তি Updated by: অভিক চক্ৰৱৰ্তি April 12, 2020 8:50 pm
FB_IMG_1586700489877 (1)

আজি ডিব্ৰুগড়ৰ বিজেপি বিধয়ক প্ৰশান্ত ফুকনে মিলন নগৰ অঞ্চলৰ লোকৰ মাজত গৰু বিহুৰ দিনা প্ৰয়োজন হোৱা কিছু পৰম্পাৰগত সামগ্ৰী বিতৰণ কৰে।

সামগ্ৰী সমূহ বিতৰণ কৰি বিধায়কগৰাকীয়ে বিহুৰ সময়ত সকলো লোককে সামাজিক আৰু শাৰিৰীক দূৰত্ব বজাই ৰাখিবলৈও আহ্বান জনায়।

‍‘বিহু আমাৰ প্ৰধান উৎসৱ। কিন্তু ক’ৰ’না ভইৰাছৰ বাবে এইবাৰ আমি বিহু উলহ মালহেৰে পালন নকৰো কিন্তু আমি ঘৰতেই প্ৰথম বিহুৰ নিয়ম সমূহ পালন কৰিম’, এইদৰে কয় বিধায়ক ফুকনে।

উল্লেখ্য যে, সমগ্ৰ বিশ্বৰ লগতে ভাৰততো লোকসকলৰ মাজত ক’ৰ’না ভাইৰাছে আতংকৰ সৃষ্টি কৰিছে। সেয়ে এইবাৰ সকলোৱে চেনেহৰ বিহুটি লকডাউনৰ বাবে নিজৰ নিজৰ ঘৰতেই উদযাপন কৰিব।

বিধায়কগৰাকীয়ে পুনৰ কয়, ‍‘মই সকলোকে সামাজিক দূৰত্ব বজাই ৰাখি নিজৰ নিজৰ ঘৰতেই বিহু উদযাপনৰ বাবে সকলোকে অনুৰোধ জনালো। এই সংকটৰ সময়ত শত্ৰুক পৰাস্ত কৰিবলৈ আমি সকলোৱে একতাৰে থিয় হ’বই লাগিব’।