NORTHEAST NOW (Assamese)
অসম

মহানগৰীত জীৱ-জন্তুক খাদ্য যোগান ধৰি মহানুভৱতাৰ পৰিচয় দিছে কেইজমান প্ৰচাৰবিমুখ যুৱকে

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা April 13, 2020 7:37 pm
index.jpg2

কডাউনৰ ফলত স্তব্ধ সকলো যাৰ ফলত উপাৰ্জনহীন হৈ পৰিছে দিন হাজিৰা কৰা লোকৰ লগতে কৃষক আৰু দৈনিক মজুৰীৰ ওপৰত নিৰ্ভৰ শ্ৰমিকৰ পৰিয়ালসমূহ

এনে পৰিয়ালসমূহলৈ সাহায্য প্ৰদান কৰি মহানুভৱতাৰ পৰিচয় দিছে বিভিন্ন চৰকাৰী সংস্থা, স্বেচ্চাসেৱী অনুষ্ঠান, আৰক্ষী আৰু অন্যান্য চৰকাৰী চাকৰিয়ালসকলে খাদ্য সামগ্ৰীৰ লগতে নগদ ধন আদিৰে সহায় কৰা দেখিবলৈ পোৱা গৈছে

ইফালে ল’কডাউনৰ ফলত মহানগৰীৰ বিভিন্ন স্থানৰ মঠ মন্দিৰত নাই কোনো জনসমাগম যাৰ ফলত মঠ মন্দিৰসমূহত থকা হাঁহ, পাৰ, গৰুচাগলী, বান্দৰ আদিৰ লগতে ৰাজপথত বিচৰণ কৰা গৰাকীবিহীন এনেবোৰ প্ৰাণী তথা পক্ষীকুলও ভীষণ খাদ্য সংকটত পৰিছে

তেনে এক সময়তে মহাহনগৰীৰ বন্যপ্ৰাণী তথা জীৱজন্তু প্ৰেমী যুৱকে নিজাববীয়াকৈ বিভিন্ন স্থানত থকা এনে প্ৰাণীবোৰকো প্ৰতিদিনে খাদ্যৰ যোগান ধৰিবলৈ আৰম্ভ কৰিছে
তেওঁলোকৰ কেইজনমান চিৱচন হাতীবৰুৱা , ভাস্কৰ্য্য বৰুৱা আৰু পংকজ বৰদলৈ

গুৱাহাটীৰ বশিষ্ঠ, উগ্ৰতাৰা, কামাখ্যা, নৱগ্ৰহ, মন্দিৰৰ চৌহদৰ কপীকুল, হাঁহ, পাৰ আৰু অন্যান্য পক্ষীকো বিভিন্ন লোকৰ সৈতে তেওঁলোকেও গৈ নীৰৱে যোগান ধৰিছে খাদ্য

বৰ্তমান সময়ত ল’কডাউনৰ বাবে এই মন্দিৰসমূহত দেৱদেৱীৰ দৰ্শনৰ দুৱাৰ বন্ধ যদিও কতৃপক্ষৰ অনুমতি লৈ মন্দিৰৰ চৌহদত প্ৰৱেশ কৰি দৈনিক এনেদৰে নিয়মীয়াভাৱে খাদ্যৰ যোগান ধৰি এওঁলোকে দেখুৱাইছে মহানুভৱতা

তাৎপৰ্যপূৰ্ণভাৱে তেওঁলোক বিৰত আছে প্ৰচাৰৰ পৰা দলটিৰ সদস্য পংকজ বৰদলৈয়ে প্ৰচাৰ বিমুখ এই কাৰ্যৰ সন্দৰ্ভত প্ৰশ্ন কৰাত তেওঁ লে, ‘মই এই কাম প্ৰচাৰৰ বাবে কৰা নাই। কিন্তু এই প্ৰাণীবোৰে কাৰোৰপৰা খাদ্যৰ সহায় বিচাৰিব নোৱাৰে অথবা খাদ্যৰ সহায় আগবঢ়োৱা সকলক ধন্যবাদ জনোৱাৰ ভাষাও তেওঁলোকৰ নাই। কিন্তু এনে সময়ত ভোকাতুৰ প্ৰাণীবোৰক এমুঠি আহাৰ দিবলৈ পাই মই নিজেই নথৈ আনন্দিত হৈছো প্ৰচাৰৰ হাবিয়াস নাই। কেৱল যি পাৰো কৰি গৈছো৷’

তেওঁলোকে ৰাইজকো আহ্বান জনাই যে এনে প্ৰাণীবোৰক সহায় কৰিব লাগে যিহেতু প্ৰানীবোৰে প্ৰকাশ কৰিব নোৱাৰে আৰু সেয়ে তেওঁলোকৰ মনৰ ভাৱ আমি নিজেই বুজিব লাগিব

সংকটৰ সময়ত তেওঁলোকৰ এই পদক্ষেপ সঁচাকৈ প্ৰশংসনীয়