NORTHEAST NOW (Assamese)
অসম

ৰাজহুৱা স্থানত পিকোৱা, ধূমপানৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ অধীনত ব্যৱস্থা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 13, 2020 11:11 pm
GMC to punish those spitting in public

ৰাজহুৱা স্থানত পিকোৱা, ধূমপান কৰা ব্যক্তিৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰই নিৰ্দেশ দিছে।

ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজৰ মাজতে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলকে এই নিৰ্দেশ দিছে।

স্বাস্থ্য মন্ত্ৰ্যালয়ে এই সন্দৰ্ভত ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ এক গোহাৰিৰ প্ৰসংগও উল্লেখ কৰিছে।

পৰিষদৰ গোহাৰিত কোৱা হৈছিল যে ধোঁৱাবিহীন ধঁপাতজাতীয় সামগ্ৰী, পাণ মছলা আৰু চুপাৰি খোৱাটোৱে মুখত থূৰ সৃষ্টি কৰে আৰু পিকোৱাৰ প্ৰৱণতা বৃদ্ধি পায়।

ৰাজহুৱা স্থানত পিকোৱাটোৱে ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণ বৃদ্ধিত অৰিহণা যোগায়।

“ক’ভিড-১৯ মহামাৰীৰ বৰ্ধিত বিপদৰ প্ৰতি লক্ষ্য ৰাখি আই চি এম আৰে জনসাধাৰণক ধোঁৱাবিহীন ধঁপাতজাতীয় সামগ্ৰী সেৱন আৰু ৰাজহুৱা স্থানত পিকোৱাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে,” স্বাস্থ্য মন্ত্ৰ্যালয়ে কয়।

এইক্ষেত্ৰত ভাৰতীয় দণ্ড বিধিৰ লগতে বিভিন্ন আইনৰ অধীনত ব্যৱস্থা লোৱাৰ বাবে ৰাজ্য চৰকাৰসমূহৰ ক্ষমতা আছে।

সেয়ে মন্ত্ৰ্যালয়ে এইক্ষেত্ৰত প্ৰয়োজনীয় প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ মুখ্য সচিবসকললৈ পত্ৰ প্ৰেৰণ কৰিছে।