NORTHEAST NOW (Assamese)
Popular Stories

ৰাছিয়াত ক’ৰ’নাত আক্ৰান্তৰ সংখ্যা ২০,০০০ অতিক্ৰম; মৃত্যু ১৭০

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 14, 2020 7:06 pm
Story-4-5-1140x570

সমগ্ৰ বিশ্বত ক’ৰ’না ভাইৰাছে সংহাৰ অব্যাহত ৰাখিছে। বিশ্বৰ অন্যান্য দেশ সমূহৰ লগতে ৰাছিয়াতো ক’ৰ’না ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যাই ২০,০০০ অতিক্ৰম কৰিছে।

মঙলবাৰে ৰাছিয়াত নতুনকৈ ২,৭৭৪ গৰাকী লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হয়।

মঙলবাৰে দেশখনত নতুনকৈ ক’ৰ’নাত আক্ৰান্ত লোক সকলক ধৰি ৰাছিয়াত বৰ্তমানলৈ মুঠ ২১,১০২ গৰাকী লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছে।

আনহাতে, ৰাছিয়াত ক’ৰ’নাত আক্ৰান্ত হোৱা ২১,১০২ গৰাকী লোকৰ ভিতৰত মুঠ ১৭০ গৰাকী লোক ক’ৰ’না ভাইৰাছৰ সংক্ৰমিত হৈ মৃত্যু মুখত পৰিছে।

ৰাছিয়াৰ ভিতৰত আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছে দেশৰ ৰাজধানী মস্কো। মস্কোত শেহতীয়াভাৱে ১,৪০০ গৰাকী লোক নতুনকৈ ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছে।

উল্লেখযোগ্য যে, ভাৰততো ক’ৰ’নাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ১০,০০০ অতিক্ৰম কৰিছে।

ভাৰতত ৩৫০ লোক ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু মুখত পৰিছে। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰক সম্বোধন কৰি ল’কডাউন ৩ মে’লৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে।