NORTHEAST NOW (Assamese)
অসম

কুৱাৰেণ্টাইনড চিকিৎসক, নাৰ্ছক বিহুৱানেৰে কৃতজ্ঞতা জ্ঞাপন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 14, 2020 11:24 pm
COVID-19: Assam health minister Himanta Biswa Sarma meets quarantined doctors, nurses, offers Bihuwan

অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কুৱাৰেণ্টাইনত থকা চিকিৎসক আৰু নাৰ্ছসকলক ব’হাগ বিহু উপলক্ষে অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনা বিহুৱানেৰে কৃতজ্ঞতা জ্ঞাপন কৰে।

গুৱাহাটীৰ তাজ ভিভাণ্টা হোটেলত মন্ত্ৰীগৰাকীয়ে স্বাস্থ্য বিভাগৰ আন বিষয়াসকলৰ সৈতে উপস্থিত হৈ চিকিৎসক আৰু নাৰ্ছসকললৈ বিহুৰ পিঠা আৰু লাড়ুও আগবঢ়ায়।

হোটেলখনত বৰ্তমান ৪৩ গৰাকী চিকিৎসক আৰু নাৰ্ছ ১৪ দিনৰ বাধ্যতামূলক কুৱাৰেণ্টাইনত আছে।

ক’ভিড-১৯ ৰোগীৰ চিকিৎসা কৰা অসমৰ এই প্ৰথমটো চিকিৎসক আৰু নাৰ্ছৰ দলক যোৱা ৮ এপ্ৰিলত হোটেলখনত কুৱাৰেণ্টাইন কৰা হৈছিল।

মহামাৰী কৰ’নাভাইৰাছৰ বিৰুদ্ধে যুঁজত সেৱা আগবঢ়াই অহা চিকিৎসক আৰু নাৰ্ছসকলক কৰ্মস্থলীৰ পৰা বিদায় লোৱাৰ সময়ত থিয় হৈ হাত চাপৰিৰে অভিনন্দন জনোৱা হৈছিল।

অসমত প্ৰথম কুৱাৰেণ্টাইনলৈ যোৱা এই দলটোৰ চিকিৎসক, নাৰ্ছসকল সোণাপুৰ অসামৰিক চিকিৎসালয় আৰু গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ।

১৪ দিনৰ কুৱাৰেণ্টাইন শেষ হোৱাৰ পিছত দলটো পুনৰ ক’ভিড-১৯ চিকিৎসালৈ উভটি আহিব।

ইফালে মঙলবাৰে ধুবুৰীৰ এগৰাকী মহিলা ক’ভিড-১৯ আক্ৰান্তৰূপে চিনাক্ত হৈছে।

ইয়াৰ ফলত অসমত মুঠ ক’ভিড-১৯ আক্ৰান্তৰ সংখ্যা ৩২গৰাকীলৈ বৃদ্ধি পালে।

স্বাস্থ্য মন্ত্ৰী শৰ্মাই সদৰী কৰা মতে মহিলাগৰাকী নিজামুদ্দিন মাৰ্কাজ আৰু আঠগাওঁ মছজিদৰ ধৰ্মীয় সভাত ভাগ লোৱা এজন লোকৰ পত্নী।

অসমত ক’ভিড-১৯ আক্ৰান্ত এজনৰ ইতিমধ্যে মৃত্যু ঘটিছে।

বাকী আটাইকেইজন ৰোগী বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে।

চিকিৎসাধীন পাঁচগৰাকী ৰোগীৰ নমুনা পৰীক্ষণত নিগেটিভ অহা বুলি স্বাস্থ্য মন্ত্ৰী শৰ্মাই পূৰ্বে উল্লেখ কৰিছিল।

ইপিনে মঙলবাৰে সাংবাদিকৰে হোৱা কথা-বতৰাত মন্ত্ৰীজনে কয় যে কিছুসংখ্যক ৰোগীক ২০ এপ্ৰিলৰ পূৰ্বে চিকিৎসালয়ৰ পৰা যাবলৈ দিব পৰা হ’ব বুলি আশা কৰা হৈছে।

কিন্তু সেই সন্দৰ্ভত বুধবাৰে সন্ধিয়ালৈহে নিশ্চিতকৈ ক’ব পৰা যাব বুলি তেওঁ উল্লেখ কৰে।