NORTHEAST NOW (Assamese)
অসম

কৃষ্ণাইৰ টুকুৰা-চোটিপাৰাত গুৱাহাটীৰ বেচৰকাৰী সংস্থা “গনসেৱা”ৰ সাহায্য বিতৰণ

Posted by: নীলমণি শৰ্মা Updated by: নীলমণি শৰ্মা April 15, 2020 6:39 am
IMG-20200414-WA0034

দীৰ্ঘ দিনীয়া লক ডাউনত গৃহবন্দী কৃষ্ণাইৰ টুকুৰা আৰু চোটিপাৰা অঞ্চলৰ বহু সম্বলহীন পৰিয়ালৰ বাবে যেন আশাৰ কিৰণ হৈ উজলি উঠিছে গুৱাহাটীৰ গনসেৱা ছ’চাইটি  নামৰ এটা বেচৰকাৰী সংস্থা৷

মঙগলবাৰে গুৱাহাটীৰ পৰা কৃষ্ণাইত উপস্থিত হৈ সংস্থাটোৰ বিষয়ববীয়া সকলে পোনে পোনে টুকুৰা আৰু চোটিপাৰাত গৈ লকডাউনৰ সময়ত ভীষন সমস্যাৰ সন্মুখীন হোৱা প্ৰায় ১৯০ টা পৰিয়ালক বিভিন্ন খাদ্য সামগ্ৰী বিতৰণ কৰাৰ লগতে প্ৰত্যেককে একোখনকৈ মাক্স প্ৰদান কৰে।

স’স্থাটোয়ে শিশু থকা পৰিয়াল সমূহত খাদ্য সামগ্ৰীৰ লগতে শিশু খাদ্যও যোগান ধৰে।

উল্লেখ্য যে সাহায্য প্ৰদান কৰা এই পৰিয়াল সমূহে ইমান দিনে চৰকাৰৰ পৰা পোৱা চাউলৰ বাহিৰে কোনো ধৰণৰ অন্য সামগ্ৰী লাভ নৰা নাছিল।

জানিব পৰামতে গনসেৱা ছ’চাইটি নামৰ সংস্থটোয়ে ইয়াৰ বাহিৰেও আনাগত দিন সমূহত জিলা খনৰ বিভিন্ন স্থানত সাহায্য প্ৰদানৰ পৰিকল্পনা কৰিছে।

গনসেৱাৰ এনে মহান কাৰ্যত স্থানীয় একাংশ যুৱকে সহায় কৰাৰ লগতে বহু লোকে উচ্চ প্ৰশংসা কৰে।