NORTHEAST NOW (Assamese)
Popular Stories

চীনৰ পক্ষ লোৱাৰ অভিযোগ তুলি WHO-ক ফাণ্ড নিদিয়াৰ ঘোষণা ড’নাল্ড ট্ৰাম্পৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 15, 2020 8:06 am
trump-twitter

চীনৰ পৰা বিশ্বৰ প্ৰায়বোৰ দেশলৈ সম্প্ৰসাৰিত মহামাৰী ক’ৰ’না ভাইৰাছৰ বাবে আমেৰিকাৰ দৰে শক্তিশালী দেশো এতিয়া গভীৰ সংকটৰ সন্মুখীন হৈছে।

বিশ্বৰ সৰ্বাধিক শক্তিশালী দেশখনত দ্ৰুত হাৰত বৃদ্ধি পাই আছে মৃত্যুৰ সংখ্যা। আৰু এই কথাত ক্ষুন্ন হৈয়ে আমেৰিকা ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বিশ্ব স্বাস্থ্য সংস্থাই (WHO) চীনৰ পক্ষ লোৱাৰ অভিযোগ তুলি সংস্থাটোক আৰ্থিক বৰঙণি প্ৰদান নকৰাৰ ঘোষণা কৰে।

আমেৰিকাই অভিযোগ তুলিছে যে চীনত মহামাৰীৰ ৰূপ ধাৰণ কৰা ক’ৰ’নাৰ ভয়াৱহতা সন্দৰ্ভত বিশ্ববাসীৰ আগত বিশ্ব স্বাস্থ্য সংস্থাই লকুওৱাৰ বাবে আজি সমগ্ৰ বিশ্বতে ভাইৰাছবিধ সম্প্ৰসাৰিত হ’ল।

তেওঁ লগতে কয় যে সংস্থাটোক সৰ্বাধিক পুঁজি দিয়া আমেৰিকাই এতিয়া চিন্তা-চৰ্চা কৰিব যে টকাখিনি কেনদেৰে কি কামত ব্যৱহাৰ কৰিব। আমেৰিকাই যোৱা বৰ্ষত বিশ্ব স্বাস্থ্য সংস্থাক ৪০০ মিলিয়ন ডলাৰ প্ৰদান কৰিছিল।

উল্লেখ্য যে কিছুদিন পূৰ্বে সংস্থাটোৰ মহানিৰ্দেশক ট্ৰেড’ছ আদহানোম গেব্ৰেয়েছে কৈছিল যে অন্য দেশৰ ওপৰত অভিযোগ লগালে এই মহামাৰী প্ৰতিৰোধ নহয় বৰঞ্চ ইয়াৰ ফলত মৃত্যুৰ সংখ্যাহে বাঢ়িব।

চীনত যেতিয়া এই ভাইৰাছবিধ তীব্ৰ হাৰত সংক্ৰমণ হৈ আছিল তেতিয়া স্বাস্থ্য সংস্থাই এই বিষয়টো গুৰুত্বসহকাৰে নোলোৱাৰ বাবেই আজি বিশ্বত এই ৰূপ লৈছে বুলি ট্ৰাম্পে অভিযোগ তোলে।

উল্লেখ্য যে বিশ্বৰ ভিতৰত সৰ্বাধিক হাৰত ক’ৰ’নাৰ সংক্ৰমণ হৈছে আমেৰিকাত। দেশখনত এই পৰ্যন্ত ৬ লাখ লোক ক’ৰ’নাত আক্ৰান্ত হোৱাৰ লগতে ২৫ হাজাৰৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে।