NORTHEAST NOW (Assamese)
Popular Stories

আজিৰ পৰা পুনৰ বন্ধ থাকিব ৰাজ্যৰ সুৰা বিপনীসমূহ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 15, 2020 2:49 pm
Wines-shop-750x375

অসম চৰকাৰে আজি আবেলি ৫ বজাৰ পৰা ৰাজ্যৰ সকলো সুৰা বিপনী পুনৰ বন্ধ কৰাৰ সিদ্ধান্ত লৈছে।

উল্লেখযোগ্য যে ল’কডাউনৰ মাজতে যোৱা ১৩ এপ্ৰিলৰ পৰা পুৱা ১০ বজাৰ পৰা আবেলিৰ ৫ বজালৈ চৰকাৰে সুৰা বিপণীৰ লগতে সুৰাৰ গুদাম, উৎপাদন কৰা কাৰখান তথা চেৰাভাটিসমূহ খোলা ৰাখিবলৈ অনুমতি দিছিল।

অনজ্ঞাপত্ৰ লব্ধ সকলো সুৰা বিপনীসমূহত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, অসমে জাৰি কৰা সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ বিধান কঠোৰভাৱে মানি চলিব লাগিব বুলি পত্ৰখনত কোৱা হৈছিল।

ইপিনে সুৰাৰ বিপনী সমূহ খোলাৰ পিছতে মহানগৰীকে ধৰি সমগ্ৰ ৰাজ্যত ৱাইন শ্বপ সমূহৰ আগত গ্ৰাহকৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছিল।

দুদিনৰ বাবে খোলা ৰখাৰ পিছত চৰকাৰে আজি আবেলি ৫ বজাৰ পৰা পুনৰ সমগ্ৰ ৰাজ্যত বলৱৎ হোৱাকৈ সুৰা বিপনী বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে। পৰৱৰ্তী জাননী জাৰি নোহোৱালৈকে এইল সিদ্ধান্ত বাহাল থাকিব।