NORTHEAST NOW (Assamese)
Popular Stories

ব্ৰহ্মপুত্ৰৰ বুকুত ভয়ংকৰ নাও দুঘৰ্টনা! ধুমুহাই বুৰালে দুখন নাও; সন্ধানহীন চাৰিজন মাছমৰীয়া

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 15, 2020 6:13 pm
index.jpgaa

ধুমুহাৰ মাজতে ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত হৈছে ভয়ংকৰ নাও দুৰ্ঘটনা।

উত্তৰ গুৱাহাটী টিলিংগাঁওত সংঘটিত এই নাও দুৰ্ঘটনাত দুখনকৈ নাও ব্ৰহ্মপুত্ৰত বুৰ যায়।

দুয়োখন নাও মাছমৰীয়াই ব্যৱহাৰ কৰা বুলি প্ৰত্যক্ষদৰ্শিয়ে জনায়। স্থানীয় ৰাইজে জনোৱা অনুসৰি তীব্ৰ বেগত অহা ধূলি ধুমুহাৰ সময়তে নেদেখা হৈ যায় নাও দুখন।

দুখন নাৱত চাৰিজনক মাছমৰীয়া থকা বুলি স্থানীয় ৰাইজে সন্দেহ কৰে।

ঘটনাস্থলীত SDRF আৰু NDRF বাহিনী উপস্থিত হৈ অভিযান চলাই আছে যদিও বৰ্তমানলৈকে সন্ধান লাভ কৰা নাই এজনো মাছমৰীয়াকেইজন।

ইতিনধ্যে ঘটনাস্থলীত গৈ প্ৰশাসন লোক উপস্থিত হৈছে।

স্থানীয় ৰাইজে মাছমৰীয়া কেইজনক বৰ্তমানলৈকে পৰিচয় জনাব পৰা নাই যদিও আটাইকেইজন মাছমৰীয়া আমিনগাঁৱৰ বুলি সন্দেহ প্ৰকাশ কৰিছে ৰাইজে।

এন্ধাৰ হৈ অহাৰ বাবে উদ্ধাৰ অভিযান ব্যাহত হোৱাৰ আশংকা কৰা হৈছে।

এই ঘটনাক কেন্দ্ৰ কৰি টিলিংগাঁওত চাঞ্চল্যই বিৰাজ কৰিছে।