NORTHEAST NOW (Assamese)
Popular Stories

ক’ৰ’নাত আক্ৰান্ত পিজ্জা ডিলেভাৰী বয়; ৭২ পৰিয়ালক কোৱাৰাণ্টেইন স্বাস্থ্য বিভাগৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 16, 2020 12:50 pm
eeade2bcd01c2b3b35e4edd2d5deb0c3

দিল্লীত এজন পিজ্জা ডেলিভাৰী বয়ৰ শৰীৰত ধৰা পৰিছে ক’ৰ’না ভাইৰাছৰ উপস্থিতি।

ডেলিভাৰী বয়জনৰ  সংস্পৰ্শলৈ অহা ৭২ টা পৰিয়ালক ইতিমধ্যে কোৱাৰাণ্টেইন কৰিছে স্বাস্থ্য বিভাগে।

দক্ষিণ দিল্লীৰ জিলা দণ্ডাধীশ বি এম মিশ্ৰই জনোৱামতে ডেলিভাৰী বয়জন সাধাৰণ জ্বৰত ভুগিছিল। সুস্থ হোৱাৰ কোনো লক্ষণ ফুটি নুঠাত তেওঁক কেন্দ্ৰীয় দিল্লীৰ আৰ এম এল হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

ইয়াৰ পিছতে স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত তেওঁ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে।

ইয়াৰ পূৰ্বে ডেলিভাৰী বয়জনে ৭২ টা পৰিয়ালত পিজ্জা ডেলিভাৰী কৰাৰ কথা পোহৰলৈ আহিছে।

ইফালে ডেলিভাৰী বয়জনৰ সৈতে কাম কৰা ১৭ জন কৰ্মীকো কোৱাৰাণ্টেইন কৰিছে স্বাস্থ্য বিভাগে।