NORTHEAST NOW (Assamese)
Popular Stories

নাগালেণ্ড নিৰ্বাচনত মুঠ ১৯৫ৰ ১০০ গৰাকী প্ৰাৰ্থীয়েই কোটিপতি : ৩৮ কোটি টকাৰে শীৰ্ষত বিজেপিৰ চেছি

Posted by: এন ই নাও নিউজ February 18, 2018 10:30 pm
nagaland-gate

নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ ১৯৫ গৰাকী প্ৰাৰ্থীৰ ১০০ গৰাকীয়েই কোটিপতি।

২৭ ফেব্ৰুৱাৰিত হ’ব লগা নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগক দাখিল কৰা শপতনামাৰ যোগেদি এই তথ্য পোহৰলৈ আহিছে।

ৰাজ্যখনত আপ আৰু এলজেপি দলৰ কোনো কোটিপতি প্ৰাৰ্থী নথকাৰ বিপৰীতে এন পি এফ দলত সৰ্বাধিক ৪১ আৰু এন দি পি পিৰ আছে ২২ গৰাকী কোটিপতি প্ৰাৰ্থী।

২০১৩ চনৰ নিৰ্বাচনত ৰাজ্যখনত মুঠ প্ৰাৰ্থীৰ ভিতৰত কোটিপতিৰ সংখ্যা ৪৬.৮% হোৱাৰ বিপৰীতে এইবাৰ নিৰ্বাচনত ইয়াৰ পৰিমাণ ৪.৪% বাঢ়ি হ’লগৈ ৫১.২%।

১০০ গৰাকী কোটিপতিৰ ভিতৰত ১৩ গৰাকীৰ সম্পত্তিৰ পৰিমাণ ১০ কোটি টকাৰ অধিক।

মুঠ ৩৮১৬৬৮৪৫৫ টকাৰ সম্পত্তিৰে ৰাজ্যখনৰ সকলোতকৈ ধনী প্ৰাৰ্থী হৈছে আত’ইজু সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী কে’ এল চেছি।

শপতনামাত উল্লেখ থকা অনুসৰি চিছিৰ আয়ৰ উৎস কৃষি আৰু ৰবৰ খেতি।

চিছিৰ পিছতে ২৮১৪৭৫৮৬৭ টকাৰ সম্পত্তিৰে কোটিপতিৰ তালিকাত দ্বিতীয় স্থানত আছে প্ৰাক্তন মুখ্য মন্ত্ৰী নেইফিঅ’ ৰিঅ’। ৰিঅ’ এন দি পি পি দলৰ মুখ্য মন্ত্ৰী পদৰ প্ৰাৰ্থী। তেওঁৰ আয়ৰ উৎস সাংসদ হিচাপে পোৱা দৰ্মহা আৰু অন্যান্য সুবিধা, ঘৰ ভাৰা, সুদ আৰু কৃষি।

বৰ্তমানৰ মুখ্য মন্ত্ৰী তি আৰ জেলিয়াঙৰ মুঠ সম্পত্তিৰ পৰিমাণ ৩১৮৮৪৮৫৫ টকা।

প্ৰাক্তন গ্ৰামোন্নয়ন মন্ত্ৰী চি এল জনৰ সম্পত্তিৰ পৰিমাণ ১৪৩০০৩৯১৪ টকা।

কোটিপতিৰ তালিকাত নোসোমোৱা নাগালেণ্ডৰ প্ৰবীন বিধায়ক তথা স্বাস্থ্য মন্ত্ৰী ইমকং ইমচেনৰ ঘোষিত সম্পত্তিৰ পৰিমাণ ৯৮৮১৭৫০ টকা।

প্ৰাক্তন গৃ্হ মন্ত্ৰী ৱাই পাতনৰ সম্পত্তি ৯৯৩৯৬৫০ টকা, কোটিপতি হ’বলৈ কমিল ৬০ হাজাৰ টকা।