NORTHEAST NOW (Assamese)
Popular Stories

ক’ৰ’না ভাইৰাছ সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে চুটি ছবি নিৰ্মাণ টীয়কৰ যুৱকৰ

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক April 16, 2020 2:51 pm

এই পৰ্যন্ত কোনো প্ৰতিষেধক আৱিস্কাৰ নোহোৱা ক’ৰ’না ভাইৰাছৰ সংক্ৰমণে বৰ্তমান সমগ্ৰ বিশ্বতে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। সেয়ে ভাইৰাছ বিধৰ ওপৰত ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে টীয়কৰ ‘চেলেংহাট  হেল্থ ক্লাবে’ ‘মৃত্যুদূত’ নামেৰে এখন চুটী ছবি’ নিৰ্মাণ কৰি উলিয়াইছে।

ইতিমধ্যে চ’ছিয়েল মিডিয়াত বিপুল প্ৰচাৰিত এই ছবিখনৰ জৰিয়তে চেলেংহাট হেল্থ ক্লাবে সমাজলৈ প্ৰেৰণ কৰিব খুজিছে এক বিশেষ বাৰ্তা।

ইয়াৰ পূৰ্বেও ডাইনী হত্যা, মাদক দ্ৰব্য সেৱন আদি সামাজিক ব্যাধীৰ ওপৰত ছবি নিৰ্মাণ কৰি চেলংহাট হেল্থ ক্লাবে সমাজত সজাগতা আনিবলৈ চেষ্টা অব্যাহত ৰাখিছে।

ল’কডাউনত যিহেতুকে সকলো ঘৰৰ ভিতৰতে আৱদ্ধ হৈ আছে আৰু প্ৰায় সংখ্যক ব্যক্তিয়েই এতিয়া চ’ছিয়েল মিডিয়াত ব্যস্ত সেয়ে চ’ছিয়েল মিডিয়াৰ যোগেদি যাতে সমাজলৈ ক’ৰ’না ভাইৰাছ সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে এই চুটী ছবিখন নিৰ্মাণ কৰা হৈছে বুলি কয় চেলেংহাট হেল্থ ক্লাবৰ প্ৰতিষ্ঠাপক তথা নিচামুক্তি অভিযানৰ প্ৰচাৰক শৰীৰচৰ্চাবীদ তুষাৰ পালে।