NORTHEAST NOW (Assamese)
অসম

সৌৰভ গাংগুলী, কোহলি আৰু ৰোজৰ ফেডৰাৰ মোৰ আদৰ্শ : সুভাশীষ বসু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 17, 2020 7:25 am
881369-trkyfsxldf-1528109353

ভাৰতীয় ফুটবল দলৰ ডিফেণ্ডাৰ সুভাশীষ বসুৰ কেৰিয়াৰত ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলি, বি চি চি আইৰ অধ্যক্ষ সৌৰভ গাংগুলী আৰু ২০ বাৰৰ গ্ৰেণ্ডশ্লেম চেম্পিয়ন ৰোজৰ ফেডৰাৰে বহুত অনুপ্ৰেৰণা যোগাইছে।

সুভাশীষে ভাৰতীয় ফুটবল দলৰ ফেইচবুক পেজত এই কথা জানিব দি কয়, ‍‘ক্ৰিকেটৰ কথা আহিলে বৰ্তমান বিৰাট কোহলি মোৰ প্ৰিয়, কিন্তু সৌৰভ গাংগুলী মোৰ সদায়েই প্ৰিয়’।

তেওঁ লগতে কয়, ‍‘দাদাৰ বেটিং উপভোগ কৰিয়েই ডাঙৰ হৈছো। তেওঁ কেৱল মোৰ নহয়, আন বহুতৰ বাবে অনুপ্ৰেৰণা’।

ফুটবলগৰাকীয়ে লগতে কয় যে তেওঁ টেনিছ খেলুৱৈ ৰোজৰ ফেডৰাৰৰো অনুৰাগী। যেতিয়াই সময় পাও তেতিয়াই মই ফেডৰাৰ খেল চাও বুলি কয় শুভাশীষে।

তেওঁ কয়, ‍‘ফেডৰাৰৰ খেল চাই মই ভাল পাও। দীৰ্ঘকাললৈকে শীৰ্ষত অধিষ্ঠিত হৈ থকা কথাটোৱে মোক বহু অনুপ্ৰেৰিত কৰে। আৰু তাৰ পৰা ময়ো মোৰ কেৰিয়াৰত এনেধৰণৰ সফলতা লাভ কৰিব বিচাৰো’।