NORTHEAST NOW (Assamese)
অসম

কৰ’না ভাইৰাছ: চীনক এইবাৰ জবাবদিহি কৰিলে ব্ৰিটেইনে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 17, 2020 10:59 am
nationalherald_2019-09_3aa35fbf-196d-4a77-a629-e10deae28212_Dominic new

চীনত আৰম্ভ হোৱা কৰ’না ভাইৰাছে গোটেই বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰিছে। চীনে ইতিমধ্যে ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে যদিও বাকী দেশবোৰে বিশেষকৈ আমেৰিকা, ব্ৰিটেইন, ইটালী, স্পেইন আদি দেশে এতিয়াও কৰ’নাৰ বিৰুদ্ধ নিৰন্তৰ যুঁজ চলাবলগীয়া হৈছে।

এনে সময়তে কৰ’নাক লৈ চীনৰ মৌনতাত প্ৰায়বোৰ দেশেই ক্ষুব্ধ হৈ পৰিছে। তাৰ মাজতে কৰ’নাক লৈ এইবাৰ ব্ৰিটেইনে চীনক উভতি ধৰিছে।

ব্ৰিটেইনৰ বৈদেশিক সচিব ডমিনিক ৰেবে বৃহস্পতিবাৰে কয় যে কৰ’না ভাইৰাছক লৈ চীনে কিছু ‘কঠিন প্ৰশ্ন’ৰ উত্তৰ দিব লাগিব। চীনে এইটো ক’ব লাগিব যে কৰ’না ভাইৰাছ মহামাৰীৰ আৰম্ভণি কেনেকৈ হৈছিল।

সাংবাদিকৰ সৈতে বাৰ্তালাপত বৃহস্পতিবাৰে ৰেবে কয় যে এই সংকটৰ গভীৰভাৱে সমীক্ষা চলাব লাগিব। এইটো জনা জৰুৰী যে চীনৰ উহান চহৰত ইয়াৰ আৰম্ভণি কেনেকৈ হৈছিল।

বিদেশ সচিবগৰাকীয়ে কয় যে বিশ্বই এইটো জানিব লাগিব যে কৰ’না মহামাৰীৰ আৰম্ভণিৰ দিনবোৰত চীনত কি কি ঘটিছিল।

তেওঁ এই মহামাৰীৰ সকলো দিশৰ সমীক্ষাৰ ওপৰত গুৰুত্ব দিয়ে যাৰ ভিতৰত ইয়াৰ উৎপত্তিৰ বিষয়টোও সামৰি লৈছে। তেওঁ এই সমীক্ষা বিজ্ঞান আধাৰিত হোৱা উচিত বুলিও মন্তব্য কৰে।

বৈদেশিক সচিব গৰাকীয়ে লগতে কয় যে  এই মহামাৰীৰ পাছত চীনৰ সৈতে আমাৰ সম্বন্ধ আগৰ দৰে যে হৈ নাথাকে তাত কোনো সন্দেহ নাই।

উল্লেখযোগ্য যে বিশ্বত কৰ’নাৰ ফলত মৃত্যুৰ সংখ্যা ১ লাখ ৪২ হাজাৰ অতিক্ৰম কৰিছে। তদুপৰি, কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্তৰ সংখ্যাও ২১ লাখ অতিক্ৰম কৰিছে।

আনহাতে, ব্ৰিটেইনত কৰ’নাৰ দ্বাৰা আক্ৰান্তৰ সংখ্যা এক লাখ অতিক্ৰম কৰিছে আৰু প্ৰায় ১৪ হাজাৰ লোকৰ মৃত্যু হৈছে।